মৰিগাঁও আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান জাতীয়ত‍াবাদী যুৱ-ছাত্ৰ পৰিষদৰ , তীৰ-ডাইজ খেল-অবৈধ বিলাতী সুৰা-চুলাই মদৰ বিৰুদ্ধে সৰব সংগঠনটো

52

মৰিগাঁও আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান জাতীয়ত‍াবাদী যুৱ-ছাত্ৰ পৰিষদৰ , তীৰ-ডাইজ খেল-অবৈধ বিলাতী সুৰা-চুলাই মদৰ বিৰুদ্ধে সৰব সংগঠনটো
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৯ ফেব্ৰুবাৰী : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত এট‍া সজাতি দলে আজি জিলা আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্ব‍াক্ষৰিত স্মাৰক পত্ৰত সংগঠনটোৱে উল্লেখ কৰে যে, অসমৰ ভিতৰতে এখন সন্মানীয় আৰু উল্লেখযোগ্য জিলা হৈছে মৰিগাঁও জিলা। তিনিটাকৈ বিধান সভাৰ সমষ্টিৰে পৰিপূৰ্ণ জিলা খনত আছে পবিতৰা অভায়াৰণ্য, পাতেকীবৰী সত্ৰ, আহঁতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্মস্থানকে আদি কৰি কেতবোৰ গৌৰৱ আৰু মৰিগাঁও বাসীৰ আবেগৰ স্থান। অতি দুৰ্ভাগ্যজনক বিষয় যে, এই আবেগৰ মৰিগাঁও জিলা খনত কিছু দুষ্টপ্ৰকৃতিৰ ব্যক্তিয়ে ম’হযুঁজৰ গইনা লৈ ডাইচ খেলৰ দৰে জুৱা অপকৰ্ম, অসামাজিক কাৰ্যত লিপ্ত হৈছে। য’ত জিল‍া খনৰ সামাজিক পৰিবেশৰ লগতে শৈক্ষিক দিশতো ব্যাঘাত জন্মিছে। এনে দৰে ম’হযুঁজৰ গইনাৰে সামাজিক, শৈক্ষিক পৰিবেশ নষ্ট হোৱাত জিল‍াবাসীয়ে আশ্চৰ্য্যবোধ কৰিছে। ইয়াৰোপৰি জিলা খনৰ বিভিন্ন ৰাজহুৱা স্থানতো তীৰ খেল, অবৈধ ভাৱে বিলাতী সুৰা, চুলাই মদ আদি মুকলি ভাৱে বিক্ৰী কৰি আছে। সংগঠনটোৱে স্মাৰক পত্ৰৰ জৰিয়তে আৰক্ষী ‌অধীক্ষক গৰাকীক এই অসামাজিক অপকৰ্ম সমূহ নিমূল কৰি এনে কাৰ্যত লিপ্ত ব্যক্তিসকলক দৃষ্টাম্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

Total Page Visits: 11 - Today Page Visits: 1