মৰিগাঁও গৰৈমাৰিত ড্ৰাগছ সৰবৰাহকাৰি আটক

122

মৰিগাঁও গৰৈমাৰিত ড্ৰাগছ সৰবৰাহকাৰি আটক

পুলিন কাকতি , ভূৰবন্ধা , ১৩ মাৰ্চ : শনিবাৰে লাহৰীঘাটৰ বৰছলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ । এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ ধৃত সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে । মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এক গোপন সূত্ৰৰ পম খেদি গৈ গৰৈমাৰী চাৰিআলিত অভিযান চলাই চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে জাবিৰ আলম,ইজাৰুল খান,ৰলেন হক আৰু নাজিম উদ্দিন আহমেদ। ধৃত সৰবৰাহকাৰী কেইজন মৰিগাঁৱৰ মৰি-মুছলমান গাৱঁৰ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ধৃত সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে ২১টা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ,১২টা খালি কণ্টিনাৰ আৰু দুটা ছিৰিঞ্জৰ, এটা মোবাইলৰ লগতে AS01DQ4118 নম্বৰৰ এখন এম্বুলেন্স আৰু AS21J 10669 নম্বৰৰ এখন R15 বাইক জব্দ কৰে। ধৃত সৰবৰাহকাৰী কেইজনে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে। সম্প্ৰতি সৰবৰাহকাৰী কেইজন আৰক্ষীৰ জিম্মাত আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here