মৰিগাঁও জিলা কবি মঞ্চৰ উদ্যোগত’ফাগুন ৰঙী কবিতা’শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন

27

মৰিগাঁও জিলা কবি মঞ্চৰ উদ্যোগত’ফাগুন ৰঙী কবিতা’শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন , ছয়খনকৈ গ্ৰন্থ উন্মোচন , অৰ্দ্ধ শতাধিক নবীন প্ৰবীণ কবিয়ে স্বৰচিত কবিতা পাঠেৰে জীপাল মৰিগাঁৱৰ গান্ধীভৱন
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৬ মাৰ্চ : মৰিগাঁও জিলা কবি মঞ্চৰ উদ্যোগত আজি চহৰ খনৰ গান্ধীভৱন প্ৰাঙ্গনত পুৱা ভাগৰ পৰা “ফাগুন ৰঙী কবিতা” শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান অনুস্থিত হয়।পুৱা ৯:৪৫ বজাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই বন্তি প্ৰজ্বলনৰে আজিৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতেই স্মৃতি তৰ্পণ কৰে কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ হাজৰিকাই।১০:৩০ বজাত মৰিগাঁও কবি মঞ্চৰ সভাপতি প্ৰদীপ পৰাশৰ সঞ্চালনাত অনুষ্ঠিত হয় ফাগুন ৰঙী কবিতা শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান। উক্ত কবিতা পাঠৰ অনুষ্ঠানত জিলা খনৰ অৰ্দ্ধ শতাধিক নবীন প্ৰবীণ কবিয়ে অংশ গ্ৰহণ কৰি স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। ইফালে, দিনৰ এক বজাৰ পৰা জিলা কবি মঞ্চৰ সভাপতি প্ৰদীপ পৰাশৰ সভাপতিত্বত জিলা খনৰ ছয়খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থ উন্মোচনী সভাত জিলা কবি মঞ্চৰ গ্ৰন্থ ‘কাব্যকানন’ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ বৰাই। মৰিগাঁও কবি মঞ্চৰ সম্পাদক ঋতুৰাজ গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী সভাত লেখক ডা: পুনিৰাম পাতৰৰ তিনিখনকৈ গ্ৰন্থ ক্ৰমে ‘এহি কথা কহে গীতা -ভাগৱত গ্ৰন্থা’ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ জীৱকান্ত নাথে।গল্প সংকলন ‘ভিকহুগুৰিৰ বেদনা’ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই। সংগ্ৰহ গ্ৰন্থ ‘শাস্ত্ৰ সাৰ’ উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মৰিগাঁও জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই। পুষ্পলতা গোহাঁইৰ কাব্য সংকলন। “একা‍ঁজলি অনুভৱ” উন্মোচন কৰে মায়ং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা: উৎপল নাথে। লেখক নীলিমা পাতৰৰ গ্ৰন্থ ‘কীৰ্ত্তন ঘোষাত তত্ত্ব বাণী’ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মৰিগাঁও জিলাৰ শৰণ সদস্য পূৰণ চন্দ্ৰ ডেকাই। আনহাতে, কবিতা পাঠ অনুষ্ঠানৰ আৰম্ভনিতে কণ্ঠশিল্পী চিন্ময় পৰাশৰে এটি গীতেৰে অনুষ্ঠানটি শুভাৰম্ভণি কৰে । আজি পুৱা ভাগৰ পৰা অনুষ্ঠিত হোৱা ফাগুন ৰঙী কবিতা শীৰ্ষক অৰ্দ্ধ শতাধিক নবীন প্ৰবীণ কবিয়ে পাঠ কৰা স্বৰচিত কবিতা অনুষ্ঠানৰ লগতে ছয়খনকৈ গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচক সকলে ৰসাল ভাষণেৰে অনুষ্ঠানটি সাফল্য মণ্ডিত কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here