মৰিগাঁও জিলা প্ৰশাসনৰ বানপানীৰ ওপৰত সভা
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও,২৪ ফেব্ৰুৱাৰী : মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত দিনৰ এক বজাত আগন্তুক বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলক লৈ এখন সভা অনুষ্ঠিত কৰা হয়।অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মাই আঁতধৰা এই সভাত বানপানীৰ সময়ত বানাক্ৰান্তৰ বাবে চিনাক্ত কৰা আশ্ৰয় শিবিৰ সমূহ কভিদ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাজু কৰিবলৈ নিৰ্দেশ দিয়ে । সচৰাচৰ বানপানীৰ সময়ত বিভিন্ন বিদ্যালয় গৃহ আৰু সমূহীয়া প্ৰেক্ষাগৃহ সমূহ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰা হয় ।
তেনে গৃহ পৰ্যাপ্ত সংখ্যক চিনাক্ত কৰি ৰাখিবলৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। স্বাস্থ্য বিভাগক ঔষধ পাতি যথেষ্ট পৰিমানে মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে । তেনেদৰে খাদ্য আৰু অসামৰিক যোগান বিভাগ, জন স্বাস্থ্য কাৰিকৰী বিভাগ,পশুপালন বিভাগ,কৃষি বিভাগ,গঢ়কাপ্তানি পথ বিভাগ,শিক্ষা বিভাগ,অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ আদি কৰি সকলো সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক আগতীয়াকৈ আগন্তুক বানপানীৰ সময়ত মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুতি কৰিবলৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। লগতে সকলো বিভাগক ২০২১-২০২২ বৰ্ষৰ বাবে বান কন্টিনজেন্সি প্লেন প্ৰস্তুত কৰি অহা মাৰ্চ মাহৰ ৭ তাৰিখে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী,ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল আৰু সংশ্লিষ্ট বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত আছিল বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।