মৰিগাঁৱত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ

61

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ

অসমীয়াই যদি আঁঠু লৈ দিল্লীৰ ওচৰত থাকে , তেন্তে অসমীয়া জাতি বেছি দিন জীয়াই থাকিব নোৱাৰিবঃ লুৰীণজ্যোতি গগৈ

১৯৭১ চনৰ ভিতৰত অহা সকলোৱে সম অধিকাৰ লাভ কৰিব , তাৰ বাবে অসম জাতীয় পৰিষদ প্ৰতিজ্ঞাবদ্ধঃ অদীপ কুমাৰ ফুকন

মৰিগাঁৱত সহস্ৰাধিক লোকে যোগদান অসম জাতীয় পৰিষদত

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১ ফেব্ৰুৱাৰী : বিজেপিয়ে অসমৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি ধংস কৰি সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে । এইবাৰ ভূৱা জাতীয়তাবাদী আদৰ্শক উৎখাত কৰি জাতীয়তাবাদী দলৰ আঞ্চলিক চৰকাৰ আমি দিশপুৰত বনাব লাগিব।জাতিৰ মহান বীৰ শ্বহীদ সকলৰ প্ৰতি সন্মান জনাই তেওঁ লোকৰ আদৰ্শৰে জাতীয় পৰিষদে আগবাঢ়িছে। জাতীয় পৰিষদৰ চৰকাৰ হলে ১৯৫১ চনৰ পৰা ১০৭১ চনলৈ অসমলৈ অহা সকলো লোকৰ নিৰাপত্তা দিয়াৰ লগতে সকলোকে সম অধিকাৰ প্ৰদান কৰিবলৈ অসম জাতীয় পৰিষদ প্ৰতিজ্ঞাবদ্ধ– মৰিগাঁৱত আজি এই মন্তব্য আগবঢ়ায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আজি মৰিগাঁৱৰ বিহুতলিত অনুষ্ঠিত হোৱা জাতীয় জাগৰণ সমাবেশত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি দলটোৰ কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈয়ে ভাষণত কয় যে- বিজেপি চৰকাৰে কা আইনৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ যি ষড়যন্ত্ৰ কৰিছে অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’লে সেই আইন অসমত বলবত হ’ব নিদিওঁ । আমাৰ ককা দেউতাৰ দিনৰ ভূমি আমি কাকো কাঢ়ি নিব দিব নোৱাৰো। যদি অসমীয়াই আঁঠু লৈ দিল্লীৰ ওচৰত থাকে , তেন্তে আমি অসমীয়া জাতি বেছি দিন জীয়াই থাকিব নোৱাৰিব । অসমত কংগ্ৰেছ, এআইউডিএফ আৰু বিজেপিক এইবাৰ উৎখাত কৰি শংকৰ আজানৰ সম্প্ৰিতিৰ এনাজৰীৰে বৰ অসম গঢ়াৰ বাবে সকলোকে সংকল্প ল’বলৈ আহ্বান জনায়। লগতে সভাপতি গৰাকীয়ে পুনৰ কয় যে- বিজেপি চৰকাৰে বদৰুদ্দিন আজমল মূখ্যমন্ত্ৰী হ’ব বুলি আজমলৰ নামলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। অসমত যেতিয়া বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মোগলৰ আক্ৰমণৰ কথা কয় তেতিয়া বদৰুদ্দিন আজমলে মছজিদ ভঙাৰ কথা কয়। বিজেপিয়ে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি বিভেদ আনিছে কিন্তু অসম জাতীয় পৰিষদে শংকৰ আজানৰ আদৰ্শৰে অসমীয়া হৈ থাকিব বিচাৰে বুলি আজি মৰিগাঁৱৰ জাতীয় জাগৰণ সমাবেশত কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈয়ে ভাষণত উল্লেখ কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনে কয় যে- অসম জাতীয় পৰিষদ জন্ম এক সময়ৰ আহ্বান। ৰাজনীতি হ’ব লাগিব মাটিৰ পৰা। দিল্লী, নাগপুৰৰ পৰা ৰাজনীতি কৰিলে নহ’ব । আঞ্চলিকতা ৰাজনীতি কৰিব লাগিব।১৯৭১ চনৰ ভিতৰত অহা সকলোৱে সমানে সম অধিকাৰ লাভ কৰিব তাৰ বাবে অসম জাতীয় পৰিষদ প্ৰতিজ্ঞাবদ্ধ। জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’লে বিজেপি চৰকাৰে গ্ৰহণ কৰা পেঞ্চন নীতি অসমত মানি লোৱা নহ’ব। বিজেপি চৰকাৰে হিন্দু মুছলমানৰ নামত কৰা ৰাজনীতি সকলোৱে ওফৰাই পেলাব লাগিব। অসমীয়া জাতি ঐক্যবদ্ধ হৈ আছিল আৰু সদায় থাকিব। সকলোৱে ফালৰ পৰা বিজেপি চৰকাৰে কেৱল দূৰ্নীতি কৰি কেঁকোৰা চেপা দি চেপিছে । গতিকে,এই বাৰ ৩০ মে’ত অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’লে অসম আৰু অসমীয়া সুৰক্ষিত হোৱাৰ স্বাৰ্থত কাম কৰি যাব বুলি কেন্দ্ৰীয় উপ-সভাপতি অদীপ কুমাৰ ফুকনে ভাষণত প্ৰকাশ কৰে।অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি অৰবিন্দ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশাল সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক বাণী দাস,কেন্দ্ৰীয় মুখপাত্ৰ জিয়াৰু ৰহমানেও বিস্তৃত ভাষণ প্ৰদান কৰে। অসম জাতীয় পৰিষদ মৰিগাঁও জিলা সমিতি আহ্বায়ক জয়ন্ত ডেকাই আঁতধৰা জাতীয় জাগৰণ সমাবেশত পৰামৰ্শদাতা ড০ ডি দাস,কেন্দ্ৰীয় উপ-সভাপতি ৰবীন দত্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উদিপ্ত ৰাজা, কেন্দ্ৰীয় নাৰী শক্তি আহ্বায়ক ৰীণা ডেকা,কাকলি বৰদলৈকে ধৰি কেন্দ্ৰীয় আৰু জিলা বিষয়ববীয়া তথা সদস্যৰ লগতে প্ৰায় দুই সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে। ইপিনে, অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা জাতীয় জাগৰণ সমাবেশত জিলা খনৰ কংগ্ৰেছ,বিজেপি,অগপৰ লগতে প্ৰায় দুই সহস্ৰাধিক লোকে অসম জাতীয় পৰিষদ দলত যোগদান কৰে।

Total Page Visits: 13 - Today Page Visits: 2