মৰিগাঁৱত ৰমাকান্ত ,পীয়ুষক লগত লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ বিশাল পদযাত্ৰা

48

মৰিগাঁৱত ৰমাকান্ত ,পীয়ুষক লগত লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ বিশাল পদযাত্ৰা


জনতাৰ পাৰভঙা উৎসাহ , দহ সহস্ৰাধিক জনতাই গামোচা-ফুলেৰে পথৰ দুইকাষে থিয় হৈ আদৰিলে হিমন্তক
জনতাৰ উৎসাহ দেখি মন্ত্ৰী হিমন্তই কলে মৰিগাঁৱত ৰমাকান্তৰ জয় অনিবাৰ্য , উন্নয়ন আৰু বিকাশেই বিজেপিৰ জয়ৰ চাবিকাঠিঃ ৰাইজৰ এই উৎসাহে বিজেপি দলক দিছে অফুৰন্ত সাহস আৰু শক্তিঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা


ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৯ মাৰ্চ : মৰিগাঁৱত বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰমাকান্ত দেউৰীৰ সমৰ্থনত আজি বিয়লি ভাগত মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ পৰা ওলোৱা এক বিশাল পদযাত্ৰাত অংশ লয় বিজেপি দলৰ জনপ্ৰিয় নেতা তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ পৰা হেলিকপ্টাৰে আহি এই পদযাত্ৰাত অংশ লোৱা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই পদ যাত্ৰাত সংগ দিয়ে মৰিগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ লগতে জাগীৰোডৰ বিজেপি বিধায়ক তথা প্ৰাৰ্থী পীয়ুষ হাজৰিকাই । মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ পৰা মৰিপচতীয়াৰ পৰা মৰিমুছলমান গাঁও , গছবাৰী আৰু জিলা পুথিভঁৰালৰ লগতে মতিৰাম বৰা পথেৰে পুনৰ ষ্টেডিয়ামত এই পদযাত্ৰা সামৰণি পৰে । দহ সহস্ৰাধিকত কৈও অধিক জনতাই মৰিগাঁও চহৰৰ প্ৰধান পথৰ দুইকাষে থিয় হৈ জনপ্ৰিয় নেতা গৰাকীক ফুল আৰু গামোচাৰে উষ্ম আদৰণি জনায় । প্ৰায় পাঁচ কিলোমিটাৰ ধৰি আৰম্ভ হোৱা এই পদযাত্ৰাত জনতাৰ পাৰভঙা উৎসাহ দেখি অতি আবেগিক হৈ পৰে জনপ্ৰিয় নেতা গৰাকীৰ লগতে দলীয় বিজেপি দলীয় নেতৃত্ব । ৰাইজৰ এই বিপুল উৎসাহ দেখি অতি আবেগিক হৈ পৰা মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মূখত কয় – মৰিগঞাঁ ৰাইজৰ প্ৰতি এই বিপুল উৎসাহ আনন্দই আমাৰ বিজেপি প্ৰাৰ্থী গৰাকীৰ জয়ৰ পথ সুগম কৰি তুলিলে । ৰাইজৰ এই সহযোগীতাই মোৰ লগতে আমাৰ বিজেপি দলটোক সাহস আৰু শক্তি দিছে । মই ভাবো মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ জয়ৰ পথ অনিবাৰ্য । মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ পদযাত্ৰাত পদপথৰ দুয়োপাৰে ৰৈ থকা সহস্ৰাধিক জনতাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অহা এক এপ্ৰিলত মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মৰিগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীক বিপুল ভোটত জয় লাভ কৰি মৰিগাঁৱত উন্নয়নৰ গতি অধিক গতিশীল কৰিবলৈ মৰিগাঁৱৰ ৰাইজক পুনৰ আহ্বান জনায় । এই পদযাত্ৰাত অংশ লৈ মৰিগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে আবেগ ভৰা ভাষণত কয় যে-মৰিগঞাঁ ৰাইজৰ এই অভূতপূৰ্ব সমাদৰ আৰু সমাগমে আমাক অধিক আনন্দ প্ৰদান কৰিছে । ৰাইজৰ এই বিপুল মৰম আৰু আশীৰ্বাদে মৰিগাঁৱত বিজেপিক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছো আৰু ৰাইজক অভিনন্দন জ্ঞাপন কৰিছো । ইপিনে , প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পদযাত্ৰাত মন্ত্ৰী হিমন্তক লৈ ৰচনা কৰা গীতে আজি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হয় । তাৎপৰ্যপূৰ্ণ যে , মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই পদযাত্ৰাত ইছলাম ধৰ্মী লোকসকলেও অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here