মৰিগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, ক্ৰীড়া সংগঠক তিলেন্দ্ৰ নাথ বৰাৰ মৃত্যু ,শোক স্তব্ধ মৰিগাঁও , কুৰিটাকৈ অধিক দল সংগঠনে শেষ শ্ৰদ্ধা জনালে বাসগৃহত

47

মৰিগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, ক্ৰীড়া সংগঠক তিলেন্দ্ৰ নাথ বৰাৰ মৃত্যু ,শোক স্তব্ধ মৰিগাঁও , কুৰিটাকৈ অধিক দল সংগঠনে শেষ শ্ৰদ্ধা জনালে বাসগৃহত
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১০ ফেব্ৰুৱাৰী : মৰিগাঁও নগৰৰ বিশিষ্ট সমাজ-সংগঠক,শিক্ষাবিদ,সুদক্ষ ক্ৰীড়া সংগঠক, একাধিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰা সৰবৰহী নাগৰিক তিলেন্দ্ৰ নাথ বৰাৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬ বছৰ । মৰিগাঁও চহৰৰ ৰজাগাঁৱত জন্ম গ্ৰহণ কৰা বৰাই মৰিগঞাঁ সামাজিক তথা জাতীয় জীৱনলৈ কেইবাটাও দৰ্শক ধৰি অৰিহণা যোগায় আহিছিল । শিক্ষকতা জীৱনৰে পাতনি মেলা বৰাই মৰিগাঁৱৰ বহুকেইটা আগশাৰীৰ অনুষ্ঠানৰ নেতৃত্ব বহন কৰিছিল। মৰিগাঁও মজলীয়া বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি সামাজিক অনুস্থান প্ৰতিষ্ঠানৰ গুৰি ধৰোতা প্ৰয়াত বৰাই মৰিগাঁও ঐতিহ্যমণ্ডিত বাৰোৱাৰী ৰাস মন্দিৰৰ সভাপতি আৰু মৰিগাঁও জিলা সত্ৰ মহাসভাৰ মৃত্যুৰ পৰ্যন্ত উপ-সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে তেওঁ নিজে মাতৃৰ নামত প্ৰতিষ্ঠা কৰা ৰামেশ্বৰী সংঘ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই আহিছিল । মৰিগাঁও গান্ধী ভৱনৰ সভাপতি,স্পৰ্টিং ক্লাবৰ সভাপতি হিচাপেও সুদীৰ্ঘ কাল ধৰি কাৰ্যনিৰ্বাহ কৰিছিল।এগৰাকী প্ৰবীণ ক্ৰীড়া সংগঠকৰ ভূমিকা পালন কৰা প্ৰয়াত বৰা এজন সুদক্ষ ৰেফাৰি হিচাপেও খ্যাত আছিল । আজীৱন শিক্ষাব্ৰতি প্ৰয়াত বৰা যোগ চিকিৎসক হিচাপেও সেৱা আগবঢ়োৱাৰ লগতে মৃত্যুৰ পৰ্যন্ত মৰিগঞাঁ সমাজ আৰু শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰনৰ বাবে অনবদ্য অৰিহণা আগবঢ়াই গৈছিল । আজি কিছুদিন ধৰি অসুস্থ হৈ মৃত্যুক আকোঁৱালি লোৱা প্ৰধান ক্ৰীড়াবিদ তথা সমাজকৰ্মী জনৰ মৃতদেহ কালি নিশাই ৰজাগাঁৱৰ বাসগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । অগনন গুণমুগ্ধই প্ৰয়াত বৰাৰ বাসগৃহত শেষ শ্ৰদ্ধা জনায় বিদেহ আত্মাৰ চিৰশান্তি জ্ঞাপন কৰে । প্ৰয়াত বৰাৰ বাসগৃহত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ জীৱন সন্দৰ্ভত আলোকপাত কৰে । জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই আঁতধৰা প্ৰয়াত তিলেন্দ্ৰ নাথ বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বোলছবি পৰিচালক বাণী দাস সহ কুৰিটাকৈ অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰয়াত বৰালৈ শ্ৰদ্ধা যাঁচে । মৰিগাঁও জিলা সাহিত্য সভা , জিলা সাংবাদিক সংস্থা , জিলা ক্ৰীড়া সন্থা , মৰিগাঁও জিলা সত্ৰ মহাসভা,ৰামেশ্বৰী সংঘ বিদ্যালয়, মুক্তি যুদ্ধা সতি সন্ততি পৰিয়াল, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ,গান্ধীভৱন পৰিচালনা সমিতি, জিলা ছাত্ৰ সন্থা,ৰজাগাঁও বিষ্ণুজ্যোতি সংঘ,গাম্য পুথিভঁৰাল সন্থা, মাছ,অনিল বৰা স্মৃতি সংঘ, মজলীয়া বিদ্যালয়, মজলীয়া শিক্ষক সন্থা,বাৰোৱাৰী ৰাস মন্দিৰ পৰিচালনা সমিতি,স্পৰ্টিং ক্লাব,সমলয়, সন্মিলিত নাট্যগোষ্ঠী,বিহুতলি উন্নয়ন সমিতিকে ধৰি একাধিক অনুষ্ঠান প্ৰতিষ্ঠানে তিলেন্দ্ৰ নাথ বৰালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ শ্ৰদ্ধা জ্ঞাপন কৰে । ইপিনে , অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তই এক শোকবাৰ্তা যোগে প্ৰয়াত বৰাৰ চিৰ শান্তি কামনা কৰি অসম সত্ৰ মহাসভালৈ যোগাই যোৱা বৰঙনিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ইফালে , মৃত্যুৰ সময়ত প্ৰয়াত বৰাই পত্নী ,এজন পুত্ৰ, এগৰাকী কণ্যাৰ লগতে ভাতৃ প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰাসহ বহু আত্মীয়স্বজনকে ধৰি অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

Total Page Visits: 13 - Today Page Visits: 1