যমুনামুখৰ ২,১৬,৯১৬ গৰাকী ভোটাৰৰ পৰৱৰ্তী প্ৰতিনিধি গৰাকী কোন ?

39

যমুনামুখৰ ২,১৬,৯১৬ গৰাকী ভোটাৰৰ পৰৱৰ্তী প্ৰতিনিধি গৰাকী কোন ?

জমিৰ উদ্দিন তালুকদাৰ
ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত যমুনামুখ সমষ্টি ৷ সমষ্টিটোত ১৯৫১ চনৰ পৰা একাধিক্ৰমে ১৬ গৰাকী বিধায়কে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ ১৯৫১ চনত কংগ্ৰেছ দলৰ বিমলাকান্ত বৰা, ১৯৫৭ চনত কংগ্ৰেছৰ পৰা ৰহিমুদ্দিন আহমেদ, ১৯৬২ চনত কংগ্ৰেছৰ পৰা বেগম আফিয়া, ১৯৬৭ চনত লক্ষ্মীপ্ৰসাদ গোস্বামী, ১৯৭২ চনত কংগ্ৰেছ দলৰ পৰা দেবেন্দ্ৰনাথ বৰা, ১৯৭৮ চনত জনতা দলৰ পৰা মোজাম্মিল আলী চৌধুৰী, ১৯৮৩ চনত কংগ্ৰেছ দলৰ পৰা ফৰমান আলী, ১৯৮৫ চনত ইউএমএফৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবী, ১৯৯১ চনত কংগ্ৰেছ দলৰ পৰা দ্বিতীয় বাৰৰ বাবে মৌলানা আব্দুল জলিল ৰাগিবী নিৰ্বাচিত হয় ৷ একেদৰে ১৯৯৬ আৰু ২০০১ চনত সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ অগপ দলৰ পৰা আলহাজ খলিলুৰ ৰহমান চৌধুৰী বিধায়ক নিৰ্বাচিত হৈছিল ৷ ২০০৬ চনত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হয় মৌলানা বদৰুদ্দিন আজমল ৷ তেওঁ এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় ৷ বদৰুদ্দিন আজমলে সেই বছৰ দুটা সমষ্টি ক্ৰমে দক্ষিণ শালমাৰা আৰু যমুনামুখ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাত তেওঁ যমুনামুখ আসন খন এৰি দিয়ে ৷ অনুষ্ঠিত হয় উপ নিৰ্বাচন ৷ ২০০৬ চনত অনুষ্ঠিত উপ নিৰ্বাচনত এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমল ৷ তাৰ পিছৰ পৰা ক্ৰমান্বয়ে ২০১১ চনত ছিৰাজুদ্দিন আজমল, ২০১৪ চনৰ উপ নিৰ্বাচনত আব্দুৰ ৰহিম আজমল, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত আব্দুৰ ৰহিম আজমল পুনৰ বিধায়ক নিৰ্বাচিত হয় ৷ সমষ্টিটোত এতিয়ালৈকে দুটাকৈ উপ নিৰ্বাচন সহ মুঠ ১৬ বাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় ৷ তাৰে মৌলানা আব্দুল জলিল ৰাগিবী, আলহাজ খলিলুৰ ৰহমান চৌধুৰী, ছিৰাজুদ্দিন আজমল, আব্দুৰ ৰহিম আজমল সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকীসকল এবাৰকৈ নিৰ্বাচিত হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰা সুযোগ পায় ৷ এতিয়ালৈকে সমষ্টিটোক মুঠ ১২ গৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ তাৰে মোজাম্মিল আলী চৌধুৰী (১৯৭৮), ফৰমান আলী (১৯৮৩), মৌলানা আব্দুল জলিল ৰাগিবী (১৯৮৫, ১৯৯১), আলহাজ খলিলুৰ ৰহমান চৌধুৰী (১৯৯৬, ২০০১) যমুনামুখৰ স্থানীয় ভোটাৰ হোৱাৰ বিপৰীতে বাকী আটাইসকল সমষ্টিৰ বাহিৰৰ লোকে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে ৷ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক গৰাকীও হোজাই সমষ্টিৰ গোপালনগৰৰ ভোটাৰ ৷ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, যমুনামুখৰ পৰৱৰ্তী প্ৰতিনিধি গৰাকী কোন?অহা ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া যমুনামুখ বিধানসভাৰ বাবে মুঠ ১৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ প্ৰাৰ্থীসকল হৈছে ক্ৰমে ছিৰাজুদ্দিন আজমল ( এআইইউডিএফ), বদৰুল হক (অসম জাতীয় পৰিষদ), ছাদিক উল্লা ভূঞা , (অসম গণ পৰিষদ), দিলোৱাৰা বেগম চৌধূৰী (নিৰ্দলীয়), নুৰ আহমেদ (নিৰ্দলীয়), আব্দুল কাদিৰ (নিৰ্দলীয়), ৰেজুৱান আহমেদ (সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছ), সিৰাজ উদ্দিন (নিৰ্দলীয়), বদৰ উদ্দিন, (নিৰ্দলীয় ), আব্দুল মালিক বৰভূঞা (নিৰ্দলীয়), হৰি মোহন দাস (নিৰ্দলীয়), মহম্মদ নাছিৰ উদ্দিন লস্কৰ,(নিৰ্দলীয়), গৌৰি কোঁৱৰ (নিৰ্দলীয়) আৰু জাহিৰুল ইছলাম লস্কৰ, (জনতা দল ইউনাইটেড) ৷ সমষ্টিটোৰ বিগত ছটা বিধানসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ এক তথ্য এনে ধৰণৰ ৷ ১৯৯১ চনত যমুনামুখ সমষ্টিত মুঠ ১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ বিজয়ী হয় কংগ্ৰেছৰ মৌলানা আব্দুল জলিল ৰাগিবী ৷ তেওঁ লাভ কৰিছিল ১৪১৯২ টা ভোট ৷ তেওঁৰ নিকটতম নিৰ্দলীয় প্ৰাৰ্থী আবু জাফৰ আটিয়াই ১২৩৮৫ টা ভোট, চিপিআইৰ নুৰুল হুছেইনে ৯৩৭৪ টা ভোট, অগপৰ আব্দুৰ ৰহমান বৰভূঞাই ৭১৬৮ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী বসিৰ উদ্দিন লস্কৰে লাভ কৰিছিল ৬৮৪৫ টা ভোট ৷ প্ৰায় ১৮০৭ টা ভোটত জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী আব্দুল জলিল ৰাগিবী ৷ ১৯৯৬ চনত অনুষ্ঠিত যমুনামুখ বিধানসভা সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ সেই বছৰ সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল অগপৰ খলিলুৰ ৰহমান চৌধুৰী ৷ তেওঁ লাভ কৰিছিল ২৮৮৯৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ক্ৰমে কংগ্ৰেছৰ মৌলানা আব্দুল জলিল ৰাগিবীয়ে ১৯৬৩৪ টা ভোট, নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হোৱা আবু জাফৰ আটিয়াই ১১৮৯২ টা ভোট, বিজেপিৰ আবুল হুছেইনে ৫৫১৪ টা ভোট, নিৰ্দলীয় আব্দুল হান্নানে ৩১০২ টা ভোট আৰু চিপিআইৰ নুৰুল হুছেইনে লাভ কৰিছিল ২০৮৩ টা ভোট ৷ সেই বছৰ অগপৰ খলিলুৰ ৰহমান চৌধুৰী ৯২৬৫ টা ভোটত জয়ী হৈছিল ৷ ২০০১ চনত যমুনামুখ সমষ্টিত মুঠ ৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হয় ৷ জয়ী হৈছিল অগপৰ প্ৰাৰ্থী খলিলুৰ ৰহমান চৌধুৰী ৷ তেওঁ লাভ কৰিছিল ৪৭২৫৫ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী মৌলানা আব্দুল জলিল ৰাগিবীয়ে ৩৭৬১৪ টা ভোট লাভ কৰিছিল ৷ ৯৬৪১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে খলিলুৰ ৰহমান চৌধুৰীয়ে ৷ ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত মুঠ ৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছিল ৷ নৱগঠিত ৰাজনৈতিক দল এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি মৌলানা বদৰুদ্দিন আজমলে ৫৩০৪০ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ক্ৰমে অগপৰ খলিলুৰ ৰহমান চৌধুৰীয়ে ৩২৬১১ টা ভোট, এনচিপিৰ চামচুল হক তালুকদাৰে ১৪৫৫৫ টা ভোট, বিজেপিৰ আবুল হুছেইনে ১৮৪২ টা ভোট আৰু কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আনোৱাৰ হুছেইনে লাভ কৰিছিল ২৬৭৩ টা ভোট ৷ বদৰুদ্দিন আজমল ২০৪২৯ টা ভোটৰ ব্যৱধান জয়ী হয় ৷ সেই বৰ্ষত অনুষ্ঠিত উপ নিৰ্বাচনত আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় ৷ তেওঁ লাভ কৰে ৫৮২১০ টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমান চৌধুৰীয়ে লাভ কৰে ৪৫০৪৩ টা ভোট ৷ ভোটৰ ব্যৱধান হয় ১৩১৬৭ টা ভোট ৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত মুঠ ১২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয় ৷ বিজয়ী হৈছিল এআইইউডিএফৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমল ৷ তেওঁ লাভ কৰিছিল ৬১২৬৭ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰেজাউল কৰিম চৌধুৰীয়ে ৪৮৫৪১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ নজমুল আলম লস্কৰে লাভ কৰে ৪২৩৮ টা ভোট ৷ ১২৭২৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ছিৰাজুদ্দিন আজমল ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত চিৰাজুদ্দিন আজমল বৰপেটাৰ পৰা সাংসদ নিৰ্বাচিত হোৱাত সমষ্টিটোত পুনৰবাৰ উপ নিৰ্বাচন অনুষ্ঠিত হয় ৷ উপ নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ প্ৰাৰ্থী হয় তেওঁৰ পুত্ৰ আব্দুৰ ৰহিম আজমল ৷ তেওঁ লাভ কৰে ৬২১৫৩ টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী বসিৰ উদ্দিন লস্কৰে লাভ কৰে ৩৯১৯৪ টা ভোট ৷ ২০১৬ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনতো বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় এআইইউডিএফে ৷ বিজয়ী হয় এআইইউডিএফৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আজমল ৷ সমষ্টিটোৰ পৰা মুঠ ১৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ আজমল-পুত্ৰই লাভ কৰে ৬৫৫৯৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী আলহাজ ৰেজাউল কৰিম চৌধুৰীয়ে লাভ কৰে ৫২১৯৫ টা ভোট, কংগ্ৰেছৰ বসিৰ উদ্দিন লস্কৰে ২৩৮৪৯ টা ভোট, অগপৰ প্ৰাৰ্থী জিয়া উদ্দিন আহমেদে লাভ কৰে ৪৭৩২ টা ভোট ৷ ১৩৪০৪ টা ভোটৰ ব্যৱধানত জয়ী হয় আব্দুৰ ৰহিম আজমল ৷ এইবাৰ সমষ্টিটোত মূল ৰাজনৈতিক যুঁজখন হব এআইইউডিএফৰ ছিৰাজুদ্দিন আজমল আৰু ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা চৌধুৰীৰ মাজত ৷ সমষ্টিত বদৰুদ্দিন আজমলৰ বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধে প্ৰৱল প্ৰতিষ্ঠানবিৰোধী ঢৌ আছিল ৷ সেই দৃষ্টিত আজমলৰ বাবে সমষ্টিটো উদ্ধাৰ কৰা এক প্ৰত্যাহ্বান আছিল ৷ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ উমান পাই আজমলে সমষ্টিটোত পুত্ৰৰ সলনি ভাতৃ ছিৰাজুদ্দিন আজমলক প্ৰক্ষেপ কৰিছে ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ বাবে সমষ্টিটোত এআইইউডিএফে প্ৰাৰ্থিত্ব আগবঢ়ায় ৷ প্ৰথম অৱস্থাত কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত এটা শিবিৰ আজমলৰ বিৰুদ্ধে ক্ষোভিত আছিল যদিও আজমলে ৰাজনৈতিক চতুৰতাৰে যমুনামুখ কংগ্ৰেছৰ আটাইকেইটা শিবিৰক একত্ৰিত কৰি এখন মঞ্চত আনিবলৈ সক্ষম হয় ৷ এফালে পুত্ৰৰ বিৰুদ্ধে উত্থাপিত প্ৰতিষ্ঠানবিৰোধী ঢৌ, আনফালে নাৰাজ কংগ্ৰেছীসকলক একত্ৰিত কৰিব পৰাটো আজমলৰ বাবে বৃহৎ ৰাজনৈতিক সফলতা ৷ লগতে আজমলৰ ৰাজনৈতিক কাম-কাজ, দিহা-পৰামৰ্শৰ বাবে আছে এক শক্তিশালী গোট ৷ পৰ্দাৰ আঁৰৰ পৰাই সেই সকলে খেলখন সুন্দৰভাৱে পৰিচালনা কৰিছে ৷ এয়া ৰাজনীতিৰ শক্তিশালী অস্ত্ৰ ৷ তাৰ বিপৰীতে সমষ্টিটোত আজমলক প্ৰত্যাহ্বান জনাব পৰা শক্তিশালী প্ৰতিদ্বন্দ্বী গৰাকী হৈছে ৰাইজৰ দলৰ দিলোৱাৰা চৌধুৰী ৷ ৰাজনীতিত একেবাৰে নবাগত দিলোৱাৰা ৷ লগতে সমষ্টিটোত নাই ৰাইজৰ দলৰ কোনো শক্তিশালী সাংগঠনিক ভিত্তি ৷ এনে অৱস্থাত দিলোৱাৰাই নিজৰ প্ৰয়াত বিধায়ক পিতৃৰ পৰিচয়ক সম্বল হিচাপে লৈ ৰাজনীতিত অৱতীৰ্ণ হৈছে ৷ দিলোৱাৰাৰ ৰাজনৈতিক পৰামৰ্শদাতা সকলো খুব বিচক্ষণ নহয় ৷ কাৰণ, আজিৰ দিনত ৰাজনীতি এক ইভেন্ট মেনেজমেন্টৰ দৰে হৈ পৰিছে ৷ যি ধৰণে ভোটাৰক আকৃষ্ট কৰিব লাগিছিল, সেইখিনিৰ যথেষ্ট অভাৱ দেখা গৈছে ৷ লগতে বিধায়কৰ বিৰুদ্ধে উত্থাপিত প্ৰতিষ্ঠানবিৰোধী ঢৌক নিজৰ অনুকুলে কামত লগাব পৰা নাই দিলোৱাৰাই ৷ সম্প্ৰতি সমষ্টিটোত আজমলৰ দলৰ এক শক্তিশালী সংগঠন আছে ৷ বিভিন্ন ধৰণৰ হিতাধিকাৰী আছে ৷ আজমলৰ বিভিন্ন সংস্থাৰ পৰা সাহায্য লাভ কৰা এচাম নীৰৱ ভোটাৰ আছে ৷ ভেঞ্চাৰ বিদ্যালয়ৰ বহু শিক্ষক আছে, যিসকলে আজমলৰ পৰা সময়ে সময়ে আৰ্থিক সহায় লাভ কৰে, সেই সকলৰ পৰা আজমলে নিৰ্বাচনত এটা মানসিক সমৰ্থন পাব ৷ দলীয় ভোটাৰতো আছেই ৷ তাৰ সমানে সমানে কংগ্ৰেছৰ আটাইকেইটা শিবিৰৰ পৰা মুকলি আৰু নিঃচৰ্ত সমৰ্থন পাইছে ছিৰাজুদ্দিন আজমলে ৷ এই দৃষ্টিত যমুনামুখ জয় কৰা আজমলৰ বাবে মুঠেই কঠিন নহ’ব ৷ অৱশ্যে আৰু এটা কথা, কোনোবাই আজমলৰ দলক ৰাজনৈতিকভাৱে বেয়া পাব পাৰে, তাৰ অৰ্থ এইটো নহয় যে, সেই ভোটটো গৈ বিৰোধী কোনো প্ৰাৰ্থীৰ পক্ষে পৰিব ৷ সাতে-সোতৰই মিলি যমুনামুখ জয় কৰা আজমলৰ বাবে একেবাৰে কঠিন নহয় যেন লাগে ৷ অৱশ্যে ৰাজনৈতিক পৰিৱেশ সলনি হবলৈ সময় নালাগে ৷ এতিয়াও যথেষ্ট সময় আছে ৷ এক নিৰ্দিষ্ট ৰাজনৈতিক কৌশল (ষ্ট্ৰেটেজী), নিয়মানুৱৰ্তিতা আৰু আজমলবিৰোধী ভোটক নিজৰ ফলিয়া কৰিবলৈ এক সুস্থ পৰিকল্পনাৰে বিৰোধীয়ে কাম কৰক ৷ বাকী বিৰোধীৰ ওচৰত তেনে পৰিকল্পনাৰ অভাৱ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here