যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু বৰষাৰাণী বিষয়া

41

যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু বৰষাৰাণী বিষয়া

দুৰ্নীতিৰ দৰ্পণ সেৱা , মোৰঝাৰঃ কা আন্দোলনত সক্ৰিয় হৈ থকা অভিনেত্ৰী বৰষা । এতিয়াও নিজৰ স্থিতিত অটল। এইবাৰ কা আমি নামানো নহয়। এইবাৰৰ খবৰ ️পুনৰ বিয়াত বহিবলৈ মন মেলিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই । আগন্তুক ২২ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ’ব মোহময়ী অভিনেত্ৰীগৰাকী । ভাস্কৰ বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব বৰষাৰাণী বিষয়াই। ভাস্কৰ বৰুৱা যোৰহাটৰ মহৰ্ষি বিদ্যালয়ৰ এগৰাকী শিক্ষক । এই খবৰে অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ মাজত আনন্দই বিৰাজ কৰিছে । সমান্তৰাল ভাৱে একাংশই ট্ৰল কৰা পৰিলক্ষিত হৈছিল । উল্লেখ যোগ্য যে , সামাজিক মাধ্যমত দিয়া এটা কমেণ্টৰ বিতৰ্কক কেন্দ্ৰ কৰি দুয়োৰ মাজত চিনাকী হৈছিল । তাৰ পাছত বন্ধুত্ব , বন্ধুত্বৰ পৰা প্ৰেম । এইবাৰ যুগ্মজীৱনৰ মন মেলিছে প্ৰেমিকা অভিনেত্ৰী বৰষাৰাণীয়ে । বৰষাৰ পূৰ্বৰ স্বামীয়ে অকালতে বিয়োগ পিছত বিয়াত নবহা বিধবা বৰষাৰাণীৰ এই বাৰ পূৰ্বৰ স্বামীৰ পিতৃয়ে কন্যাদান কৰিব। এই খবৰৰ পিছতে সাংবাদিকে বৰষাক কিয় ১১ বছৰৰ সৰু যুৱকৰ লগত বিবাহৰ বাবে সিদ্ধান্ত লোৱা হল বুলি প্ৰশ্ন কৰাত কয় যে , ভাস্কৰে নিজৰ পিতৃ মাতৃ হেৰুৱাই কেৱল এক মাত্ৰ ভনীক লৈ জটিল সময় পাৰ কৰিছিল । তেনে এক সময়ত বন্ধু হিচাপে ভাস্কৰ বৰুৱাক সাহস দিছিলো , ভাস্কৰৰ বিপদৰ সময়ত থিয় দিছিলো ৷ দুয়োৰ মন মিলিছে বাবে জীৱন সংগী কৰিবলৈ সিদ্ধান্ত ললো বৰষাই।জীৱনত এজন ভাল সংগী লাগে। সকলোৰে আশীৰ্বাদ পালে আমি সুখী জীৱন কটাব পাৰিম।দেওবাৰে বিবাহৰ পৰম্পৰাগত নিয়ম অনুসৰি তামোল পানেৰে ভাস্কৰে জনালে আমন্ত্ৰণ । এই কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত এখন বিবাহ কাৰ্ডৰে বৰষা-ভাস্কৰে সকলোকে জনালে আমন্ত্ৰণ ।পবিতৰা এখন মন্দিৰত বিবাহ পাশত আবদ্ধ হব দুয়ো। দুয়োৰ হাঁহিৰে জীৱন সুখময় হওঁক এয়া কামনাৰে এই প্ৰতিবেদন সামৰিলো ।

Total Page Visits: 13 - Today Page Visits: 1