লাহোৱাল-ডিব্ৰুগড় সমষ্টিৰ বাগিচাই বিজেপিৰ বিৰুদ্ধে আটছাৰ বাইক ৰেলী , ক্ষুদ্ৰ বাগিচাৰ শ্ৰমিকৰ মজুৰি নিদ্ধাৰণ , জনজাতিকৰণৰ দাবী

51

লাহোৱাল-ডিব্ৰুগড় সমষ্টিৰ বাগিচাই বিজেপিৰ বিৰুদ্ধে আটছাৰ বাইক ৰেলী , ক্ষুদ্ৰ বাগিচাৰ শ্ৰমিকৰ মজুৰি নিদ্ধাৰণ , জনজাতিকৰণৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ডিব্ৰুগড় , ২৩ ফেব্ৰুৱাৰীঃ–অসমত থকা ৭০ হাজাৰৰো অধিক ক্ষুদ্ৰ চাহ বাগিচাত নিয়োজিত হৈ থকা ৬ লাখ চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিদ্ধাৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কৰা চৰম প্ৰতাৰণাৰ প্ৰতিবাদত আৰু চাহ জনগোষ্ঠী লোকক ম্যাদী পট্টা প্ৰদান,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ আধাৰত ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ জনগোষ্ঠীক শীঘ্ৰে তপশিলভুক্ত জনজাতি মৰ্যদা প্ৰদানৰ ক্ষেত্ৰত বিগত পাঁচৰে বিজেপি চৰকাৰখনে চাহ শ্ৰমিকক প্ৰতাৰণা কৰাৰ প্ৰতিবাদত ডিব্ৰুগড় আৰু লাহোৱাল সমষ্টিৰ বাগিচাই বাগিচাই আজি অসম চাহ জনজাতি ছাত্ৰ সন্হা(আটছা) ডিব্ৰুগড় শাখাই বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী কাৰ্যসূচীত উপস্হিত থাকি আটছা কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক বসন্ত কুৰ্মিয়ে বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপি চৰকাৰখনে বিগত পাঁচ বছৰে চাহ জনগোষ্ঠীক কেৱল প্ৰতাৰণা কৰিলে।চৰকাৰখনে ক্ষুদ্ৰ চাহ বাগিচাৰ লাখ লাখ চাহ শ্ৰমিকৰ পাঁচ বছৰ উকলিবৰ হল যদিও আজি পৰ্যন্ত চৰকাৰখনে দৈনিক মজুৰিয়েই নিদ্ধাৰণ কৰিব নোৱাৰিলে আনহাতে অসমৰ আঠশৰো অধিক বৃহৎ বাগিচাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰিয়ো ৩৫১ টকালৈ এই চৰকাৰখনে বৃদ্ধি কৰিব নোৱাৰিলে লগতে মাটি পট্টা প্ৰদান নামতো চৰকাৰখনে কেৱল ফটা ডোল বজাইছে।গতিকে আমি বাইক ৰেলীৰ যোগেদি বিজেপি চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু দাবী পূৰণ নোহোৱা পৰ্যন্ত বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব বুলি আটছাৰ কেন্দ্ৰীয় নেতা বসন্ত কুৰ্মিয়ে উল্লেখ কৰে।প্ৰতিবাদী কাৰ্যসূচীত আটছা ডিব্ৰুগড় জিলা সমিতিৰ শিক্ষা সম্পাদক ৰাজেন মুণ্ডা,আটছা ডিব্ৰুগড় শাখাৰ সভাপতি সূৰজ নাইক,সম্পাদক সুলিল পাতৰৰ লগতে দুই শতাধিক আটছা কৰ্মী উপস্হিত থাকে।

Total Page Visits: 67 - Today Page Visits: 1