শিৱসাগৰত দিনজোৰা কাৰ্য্যসূচীৰে ৰাজ্যিক শিশু সুৰক্ষা দিৱস উদ্যাপন
দুৰ্নীতিৰ দৰ্পণ ,ষ্টাফ ৰিপৰ্টাৰ শিৱসাগৰ,অমৃত কুমাৰ শৰ্মা : ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ পৃষ্ঠপোষকতাত আৰু জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত ৪ মাৰ্চত শিৱসাগৰত দিনজোৰা কাৰ্য্যসূচীৰে ৰাজ্যিক শিশু সুৰক্ষা দিৱস উদ্যাপন কৰা হয় ৷ শিৱসাগৰৰ ৰংঘৰ চাৰিআলিস্থিত স্বেচ্ছাসেৱী সংগঠন কৌমুদালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকি জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়া নুজহত নাচৰীনে শিশু সকলৰ প্ৰতি ল’বলগীয়া যত্ন আৰু সুৰক্ষা সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰে । শিৱসাগৰ জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষা দিপালী স্বৰ্গীয়াৰী বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত শিশু সুৰক্ষাৰ ওপৰত হোৱা আলোচনা সভাৰ আঁত ধৰে স্বেচ্ছাসেৱী সংগঠন কৌমুদালয়ৰ সম্পাদিকা ৰুণজুন চুতীয়াই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰতিষ্ঠানীয় সুৰক্ষা বিষয়া ড০ প্ৰীতিমণি গগৈয়ে । শিশু সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি শিশু সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, যোগ দৰ্শন, নৃত্য প্ৰদৰ্শন আৰু গীত-মাতৰ আয়োজন কৰা হয় । লগতে অসম পেৰা অলিম্পিক সংস্থা আৰু বিশেষ অলিম্পিক ভাৰত (অসম শাখা)ৰ সহযোগত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চলিত বৰ্ষৰ ১৮ আৰু ১৯ ফেব্ৰুৱাৰী তাৰিখে পুৰুষ আৰু মহিলাৰ মাজত আয়োজন কৰা ৰাজ্যিক দিব্যাংগ ক্ৰীড়া সমাৰোহত শিশু গৃহৰ মুঠ ৮ (আঠ) গৰাকী আৱাসী ক্ৰমে চাহিল পল, বগীতৰা ভূমিজ,ৰুমী ভট্ট, ফাগুমণি গোৱালা, ৰাজু, পাহি হাজৰিকা, ফতিক দিহিঙীয়াক সম্বৰ্ধনা জনোৱাৰ লগতে এশৰো অধিক শিশুৰ মাজত পঢ়াৰ যাৱতীয় সামগ্ৰী বিতৰণ কৰা হয় । সভাত জিলা পৰ্য্যায়ৰ শিশু গৃহৰ পৰিদৰ্শনকাৰী ৰজনী চাংকাকতি, শিশু কল্যাণ সমিতিৰ সদস্যা দীপালি ভট্টাচাৰ্য্য বৰুৱা প্ৰমুখ্যে জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে ।