সংখ্যালঘু ৰাইজক সজাগ আৰু সচেতন কৰাৰ বাবে হাবিব মহম্মদ চৌধুৰীৰ বিশেষ পদক্ষেপ

38

সংখ্যালঘু ৰাইজক সজাগ আৰু সচেতন কৰাৰ বাবে হাবিব মহম্মদ চৌধুৰীৰ বিশেষ পদক্ষেপ
দুৰ্নীতিৰ দৰ্পণ সেৱা,মানকাচৰ . ১ ফেব্ৰুৱাৰী : মানকাচৰৰ সাদুল্লাবাড়ীত হাবিব মহম্মদ চৌধুৰীৰ আমিনুল ইছলামৰ সভাপতিত্বত ভয়ৰ পৰা স্বাধীনতা শীৰ্ষক সজাগতা সভা অনুষ্ঠিত কৰে। সংখ্যালঘু ৰাইজক আগুৱাই যোৱাৰ বাবে গোটেই অসমত ভয়ৰ পৰা স্বাধীনতা শীৰ্ষক সজাগতা সভা অনুষ্ঠিত কৰি আছে হাবিব মহম্মদ চৌধুৰীয়ে। মানকাচৰত হেলিকপ্তাৰ যোগে উপস্থিত হৈ সজাগতা সভা অনুষ্ঠিত কৰি সংখ্যালঘু ৰাইজক সজাগ আৰু সচেতন কৰাৰ বাবে বিশেষ উদ্যোগ লয় হাবিব মহম্মদ চৌধুৰীয়ে। সংখ্যালঘু ৰাইজৰ শিক্ষাৰ বাবে আগুৱাই আহিছে বুলিও মন্তব্য কৰে হাবিব মহম্মদ চৌধুৰীয়ে । মানকাচৰৰ সাদুল্ল্যাবাড়ীত হাবিব মহম্মদ চৌধুৰীয়ে সজাগতা সভা অনুষ্ঠিত কৰি কয় , আজিৰ দিনতো আমাৰ সংখ্যালঘু ৰাইজ বহু পিছপৰি আছে। যি সময়ত সকলোৱে আগবাঢ়ি গৈছে , সেই সময়ত আমাৰ সংখ্যালঘু ৰাইজৰ মাজত সচেতনতাৰ বাবে পিছপৰি আছে। বৰ পৰিতাপৰ কথা যে , আজিৰ দিনতো আমাৰ মাজত সচেতনতা আৰু সজাগতা কৰাৰ বাবে সভা অনুষ্ঠিত কৰিব লগা হৈছে। মনকৰিবলগীয়া কথা যে , আন্ত ৰাষ্ট্ৰীয় আৰু আন্ত ৰাজ্যিক সীমান্তত অৱস্থিত মানকাচৰত হাবিব মহম্মদ চৌধুৰীয়ে সজাগতা সভা অনুষ্ঠিত কৰি কয় , আমি দুখীয়া মানুহৰ বাবে কিবা নহয় কিবা এটা কৰিব লাগিব। মই যিমান দুৰ পাৰো সহায় সহযোগীতা কৰিবলৈ চেষ্টা কৰিম। সংখ্যালঘু ৰাইজৰ ল’ৰা-ছোৱালীক স্কীল ডেভলপমেন্টৰ বাবে বিভিন্ন দেশৰ পৰা প্ৰশিক্ষণ দিয়াৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰোঁ আৰু অতি সোনকালে এই কাম গ্ৰহণ কৰা হব । মই আগতেই এনেকুৱা কাম কৰি আহিছোঁ আৰু অহা দিনত এনেকুৱা কাম কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম। মই অসমৰ বিভিন্ন ঠাইত গৈছো আৰু সংখ্যালঘু ৰাইজৰ বাবে কিবা এটা কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ ভয়ৰ পৰা স্বাধীনতা শীৰ্ষক সজাগতা সভাত উপস্থিত থাকে মানকাচৰৰ আব্দুল গফুৰ আহমেদ , জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি জাহাংগীৰ আলম মণ্ডল , লুতফৰ ৰহমান আদি সমাজ- সেৱকসকলে ।

Total Page Visits: 12 - Today Page Visits: 2