সঞ্জয় দাসৰ গীত ‘আমি মানুহ’ উন্মোচন

29

সঞ্জয় দাসৰ গীত ‘আমি মানুহ’ উন্মোচন
দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা, ৮ ফেব্ৰুৱাৰী: বৰপেটাৰোডৰ উদীয়মান কণ্ঠ শিল্পী সঞ্জয় দাসৰ ‘আমি মানুহ’ শীৰ্ষক এটি গীত আজি বৰপেটাৰোড প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ৷ এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত সঞ্জয় দাসে গীতটোৰ কথা আৰু ইয়াৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত নবোদয় স্কুলৰ অৱসৰপ্ৰাপ্ত সংগীত শিক্ষক তপন কুমাৰ ভট্টাচাৰ্য, শিল্পী পেঞ্চনাৰ ডালিম দাস আৰু সাংবাদিক জয়ন্ত কুমাৰ দাসে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি গীতটোৰ কথা-সুৰ আৰু সংগীতে দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ ‘আমি মানুহ’ গীতটোৰ নেপথ্যত আছে কণ্ঠ, গীতৰ কথা আৰু সুৰত সঞ্জয় দাস, সংগীতত ডি জে দাস মিক্সিঙত দ্বীপজ্যোতি দাস,মাষ্টাৰিঙত হামিংবাৰ্ড নামঘৰ প্ৰডাকচন, ভিডিও ক্ৰেডিটত বিজু দাস,সহায়কত জয়প্ৰকাশ ৰয় ৷

Total Page Visits: 8 - Today Page Visits: 2