সাংবাদিকৰ মত বিনিময় হোজাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ

64

সাংবাদিকৰ মত বিনিময় হোজাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ

ছাদিকুজ জামান , মোৰাঝাৰ , ২৫ ফেব্ৰুৱাৰী : অসম লোকসেৱা আয়োগৰ নিকা পৰীক্ষা পদ্ধতিৰ জৰিয়তে সম্পূৰ্ণ মেধাৰ ভিত্তিত জনসংযোগ বিভাগৰ কনিষ্ঠ তথ্য বিষয়া হিচাপে অলপতে হোজাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে কৰ্তব্যত যোগদান কৰে নীৰা ৰয়ে। তেওঁ হোজাই জিলাত যোগদান কৰি বৰ আনন্দিত আৰু উৎসাহিত অনুভৱ কৰিছে ৷ বিষয়া গৰাকীয়ে আজি হোজাই, ডবকা, নীলবাগান, মোৰাঝাৰ আৰু লামডিংৰ প্ৰিন্ট আৰু ইলেক্ট্ৰনিক মাধ্যমৰ সংবাদ কৰ্মীৰ সৈতে এক মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰে ৷ হোজাই মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰী অভিনাশ দে’ বিষয়া গৰাকীৰ পৰিচয় কৰাই দিয়াৰ পিছত উপস্থিত সাংবাদিক সকল সৈতে প্ৰথমে চিনাকী হয় ৷ তাৰ পাছত বিগত দিনত হোজাই জিলাৰ বিভিন্ন ঠাইত থকা মফচলীয় সাংবাদিক সকলে বিগত দিনত ভুগি অহা সমস্যাবোৰ বিষয়া গৰাকীৰ আগত উপস্থাপন কৰে ৷ বিষয়া গৰাকীয়ে অনাগত দিনবোৰত নিজৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিবৰ বাবে হোজাই জিলাৰ সাংবাদিক সকলৰ পৰা সহায়, সহযোগিতা আন্তৰিকতাৰে কামনা কৰে। বিষয়া গৰাকীক আজুৰ হৈ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ছাদিকুজ জামান, ডবকা প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল হান্নানৰ লগতে বিভিন্ন প্ৰেছ ক্লাৱৰ সভাপতি – সম্পাদকে বিষয়া গৰাকীক গামোচাৰে সম্বৰ্দ্ধনা জনায় ৷ এই মত বিনিময় অনুষ্ঠানত হোজাইৰ জ্যেষ্ট সাংবাদিক কিশ্বলয় দেৱগোস্বামী, ডবকাৰ আব্দুল হান্নান , আব্দুল হাকিম , মোৰাঝাৰৰ ছাদিকুজ জামানকে ধৰি কেবাজনো সাংবাদিকে নিজৰ মত ব্যক্ত কৰি জিলাখনত এই বিভাগক এক নতুন মাত্ৰা প্ৰদান কৰি সাংবাদিকৰ সমস্যা সমূহ সমাধান কৰিবলৈ আহব্বান জনায় ৷ সভাত নীলবাগান প্ৰেছ ক্লাৱৰ সভাপতি কফিল উদ্দিন বৰভুঞা, সম্পাদক মাহমুদ আলী, লামডিংৰ পল্লৱী কলিতাৰ লগতে উপস্থিত থকা সাংবাদিক সকলে আগন্তক দিনত সংবাদ মাধ্যমক বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত সময়মতে তথ্য যেগানদি সহায় সহযোগিতা কৰাৰ কামনা কৰিছে জিলাখনৰ সাংবাদিক সকলে ৷