সাহিত্য ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ স্বীকৃতি

39

সাহিত্য ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ স্বীকৃতি
দুৰ্নীতিৰ দৰ্পণ সেৱা , মোৰাঝাৰ , ৪ ফেব্ৰুৱাৰী : যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত জনপ্ৰিয় উপন্যাস”কিছু প্ৰেম , কিছু বিষাদ”ৰ স্ৰষ্টা লেখিকা জুলি বৰুৱাক সাহিত্য ক্ষেত্ৰখনত নিষ্ঠাৰে অৱদান আগবঢ়োৱাৰ বাবে এক ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ লগতে বহু গৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অন্তৰ্গত সম্বৰ্ধনা জনোৱা হয় ৷ যোৰহাটৰ কবি,ঔপন্যাসিক,গল্পকাৰ,চিত্ৰশিল্পী ,ৰাষ্ট্ৰীয় পদক প্ৰাপক ক্ৰীড়াবিদ জুলি বৰুৱাই অসম চৰকাৰৰ বিশেষ সম্বৰ্ধনা পত্ৰৰ লগতে পঞ্চাশ হেজাৰ টকা বঁটা ৰূপে প্ৰাপ্ত কৰে ৷ এই প্ৰাপ্তিয়ে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি কৰিলে বুলি মন্তব্য কৰে সংবাদ মাধ্যমক জুলি বৰুৱাই। জুলি বৰুৱাৰ লগতে দিগদৰ্শন প্ৰকাশন গোষ্ঠীৰ দিগদৰ্শন সাহিত্য সন্মানেৰে সন্মানিত যোৰহাটৰ গাৰ্গী ভূঞা শইকীয়া , স্নেহা জোনাক দত্তকো অসম চৰকাৰৰ লেখক সম্বৰ্ধনাৰ বঁটাৰে সন্মানিত কৰাত দিগদৰ্শন প্ৰকাশনৰ স্বত্বাধিকাৰ তথা মাহেকীয়া আলোচনী “দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসে আন্তৰিক অভিনন্দন জনাইছে ।

Total Page Visits: 13 - Today Page Visits: 2