সৰুক্ষেত্ৰীত কংগ্ৰেছৰ উদ্যোগত অসম বচাও আহক শ্লোগানৰে বাইক ৰেলী

40

সৰুক্ষেত্ৰীত কংগ্ৰেছৰ উদ্যোগত অসম বচাও আহক শ্লোগানৰে বাইক ৰেলী

আব্দুল জলিল , ২৪ ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধান সভা সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে অসম বচাও আহক কার্যসূচীত অংশ গ্ৰহণ কৰে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সম্পাদক প্ৰভাকৰ সাথে,অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে কংগ্ৰেছৰ দলৰ বহু নেতা কৰ্মীৰ।সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমতো পেট্ৰল,ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ যি আকাশ লঙ্ঘী মূল্য বৃদ্ধি হৈছে , তাৰ প্ৰতিবাদত সৰুক্ষেত্ৰী সমষ্টিৰ কুজাৰপীঠ,কালজাৰ,জাৰাবাৰী,কয়াকুছি বজাৰত কা আমি নামানো,কা আমাক নালাগে ধ্বনিৰে উত্তাল কৰি তোলে। বিজেপি চৰকাৰৰ যি সাম্প্ৰদায়িক ৰাজনৈতিক শাসন ব্যৱস্থা,অসমৰ নিবনুৱা সমস্যা সমাধানৰ ব্যৰ্থতা,ৰাজহুৱা সম্পত্তি বিক্ৰী,জনসাধাৰণৰ নামত উলিওৱা বিভিন্ন আঁচনিত কেলেংকাৰী,জাগীৰোড কাগজ কল,কাছাৰ কাগজ কল বন্ধ কৰা,বালি,কয়লাৰ চিণ্ডিকেটৰাজ আৰু নাগৰিকত্ব স্ংশোধনী আইনৰ বিৰোধীতা কৰি আজি এই অসম বচাও আহক কাৰ্যসূচী পালন কৰে । গামোচা খনত কা বাতিল আৰু অসম বচাও আহক লিখি ৰকিবুল হুছেইনৰ হাতত অৰ্পণ কৰে। আগন্তুক দিনত বিজেপিৰ ভেটি নোহোৱা হৱ বুলি জানিবলৈ দিয়ে ‌ভৱানীপুৰ আৰু পাটাছাৰকুছি সমষ্টি এইবাৰ কংগ্ৰেছৰ দখলত আহিব আৰু অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ৰকিবুল হুছেইনে কয় ৷ ৰাইজৰ সহাৰিয়ে ২০২১ চনত কংগ্ৰেছে নিশ্চিত চৰকাৰ গঠন কৰিব , তাৰেই ইংগিত বহন কৰা বুলি উল্লেখ কৰে৷

Total Page Visits: 53 - Today Page Visits: 1