সৰুক্ষেত্ৰীত ২৪ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে

32

সৰুক্ষেত্ৰীত ২৪ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে
প্ৰতিবেদক মনজিৎ দাস , হাউলী , ২১ ফেব্ৰুৱাৰীঃ যোৱা কেইবাদিনৰ দৰে আজিও সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে আধাৰশিলা অব্যাহত ৰাখিছে। আজি সিকদাৰে সৰুক্ষেত্ৰী সমষ্টিৰ ১৩ নং পশ্চিম সৰুক্ষেত্ৰী গাওঁ পঞ্চায়তত ১০খন ৪৩ নং দক্ষিণ পাকা গাওঁ পঞ্চায়তত ১২ খন আৰু ৪৪ নং পশ্চিম পাকা গাওঁ পঞ্চায়তত ২ খন মুঠ ২৪ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। পুৱাৰে পৰা শতাধিক বাইক লগত লৈ পঞ্চায়ত প্ৰতিনিধি তথা দলৰ বিভিন্ন পৰ্যায়ৰ নেতাক লগত লৈ এই কাৰ্যসূচী সম্পূৰ্ণ কৰে।১৩ নং পশ্চিম সৰুক্ষেত্ৰী গাওঁ পঞ্চায়তত বিধায়ক উন্নয়ন পুঁজিৰ ১.৫০ লাখ টকাৰ আঁচনিৰ সৰিয়কুছি কৱৰস্থানৰ দেৱাল নিৰ্মাণ,২ লাখ টকাৰ আঁচনিৰে ১৯৭৫ নং দক্ষিণ কালজাহী প্ৰাথমিক বিদ্যালয়ৰ দেৱাল নিৰ্মাণ ,২ লাখ টকাৰ আঁচনিৰে ৰঙিয়া গাও তাজ ক্লবৰ ভৱন নিৰ্মাণ , ১.৫০ লাখ টকাৰ আঁচনিৰে ৰঙিয়া গাৱৰ পূৱ দিশে বৃক্ষ ৰুপন আৰু সুৰক্ষা কাম, ১ লাখ টকাৰ আঁচনিৰে ৰঙিয়া নদীৰ পামৰ সাধন আলী খানৰ ঘৰৰ ওচৰৰ মছজিদৰ পকী দেৱাল নিৰ্মাণ কাম, ২ লাখ টকাৰ আঁচনিৰে ৰঙিয়া নদীৰ পাম পুৰণি মছজিদৰ প্ৰচাৱগাৰ আৰু শৌচাগাৰ কাম,এছ অ পি ডি আঁচনিৰ জড়িয়তে নিৰ্মাণ হবলগীয়া ৰঙিয়া নদীৰ পামৰ পৰা বগছৰা বজাৰলৈ যোৱা পথ নিৰ্মাণ, বিধায়ক উন্নয়ন পুঁজিৰ ১.৫০ লাখ টকাৰ আঁচনিৰ বগছৰা আঞ্চলিক এন জি অৰ ঘৰ নিৰ্মাণ কাম,২ লাখ টকাৰ আঁচনিৰ বগছৰাত ভাৰত কল্যাণ আঞ্চলিক এন জি অৰ ঘৰ নিৰ্মাণ, ১.৫০ টকাৰে ৰঙিয়া গাওঁৰ টিহু নদীৰ দক্ষিণ ফালে বগছৰাৰ পকী দলংলৈ কৃষি বান্ধ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। আনহাতে , ৪৩ নং দক্ষিণ পাকা গাওঁ পঞ্চায়তৰ নলীৰ পাথাৰত এছ অ পি ডি আঁচনিৰ জড়িয়তে কালদিয়া নদীৰ ওপৰত নিৰ্মাণ সম্পূৰ্ণ কৰা কাঠৰ দলংৰ শুভ উদ্বোধন কৰাৰ লগতে সিকদাৰে ১ লাখ টকাৰে নিৰ্মাণ হবলগীয়া উত্তৰ পিঠাদি প্ৰাথমিক বিদ্যালয়ৰ পকী দেৱাল নিৰ্মাণ,১.৫০ লাখ টকাৰে নিৰ্মাণ হবলগীয়া দক্ষিণ পাকা এম ই স্কুলৰ পকী দেৱাল নিৰ্মাণ , ১ লাখ টকাৰে নিৰ্মাণ হবলগীয়া পূব হেলছা পাম মছজিদৰ পকী দেৱাল নিৰ্মাণ , ১ লাখ টকাৰে নিৰ্মাণ হবলগীয়া হেলছা ছোৱালী এম ই স্কুলৰ পকী দেৱাল নিৰ্মাণ আঁচনি, পিঠাদি বজাৰত নিৰ্মাণ হৈ থকা পকী দলংৰ কাষেৰে উপপথৰ বাবে এছ অ পি ডি আঁচনিৰ জড়িয়তে কালদিয়া নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ হবলগীয়া কাঠৰ দলং,২.৫০ লাখ টকাৰে নিৰ্মাণ হবলগীয়া দেশভক্ত ছোৱালী হাইস্কুলৰ চাইকেল ষ্টেণ্ড নিৰ্মাণ আঁচনি,দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছাত এম এছ ডি পি আঁচনিৰ জড়িয়তে ১১.২৬ লাখ টকাৰে নিৰ্মাণ হবলগীয়া দুটা অতিৰিক্ত শ্ৰেণী কোঠালী নিৰ্মাণ, ১ লাখ টকাৰে নিৰ্মাণ হবলগীয়া কাৱৈমাৰী ১০ নং ব্লক মধ্য কাৱৈমাৰী প্ৰাথমিক বিদ্যালয়ৰ পকী দেৱাল নিৰ্মাণ আঁচনি,নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছাত এম এছ ডি পি আঁচনিৰ জড়িয়তে ১৬.৮৯ লাখ টকাৰে নিৰ্মাণ হবলগীয়া তিনিটা অতিৰিক্ত শ্ৰেণী । কোঠালী নিৰ্মাণ,নলীগাঁও-ছাপাৰবড়ী পথৰ পৰা ১১ নং কাৱৈমাৰী প্ৰায় দহ লাখ টকাৰ আঁচনি,নতুনকৈ নিৰ্মাণ হবলগীয়া নলী গাওঁৰ পৰা হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয় হৈ ১১ নং কাৱৈমাৰী ব্লকলৈ যোৱা পথটো এছ অ পি ডি আঁচনিৰ আধাৰশিলা স্থাপন কৰে। আনহাতে , ৪৪ নং পশ্চিম পাকা গাওঁ পঞ্চায়তৰ-কয়াকুছি-ভক্তৰডবা পথৰ কয়াকুছি গাৱঁত নিৰ্মাণ হৈ থকা পকী দলংৰ কাষেৰে উপপথৰ বাবে এছ অ পি ডি আঁচনিৰ জড়িয়তে নতুনকৈ নিৰ্মাণ হবলগীয়া কাঠৰ দলং আৰু কয়াকুছি পাথাৰত নিৰ্মাণ হৈ থকা পকী দলংৰ কাষেৰে উপপথৰ বাবে এছ অ পি ডি আঁচনিৰ জড়িয়তে নতুনকৈ নিৰ্মাণ হবলগীয়া কাঠৰ দলংৰ আধাৰশিলা স্থাপন কৰে বিধায়ক সিকদাৰে।

Total Page Visits: 30 - Today Page Visits: 1