হোজাইত জিলা উপায়ুক্তৰ বিৰুদ্ধে আশা কৰ্মীৰ প্ৰতিবাদ

15

হোজাইত জিলা উপায়ুক্তৰ বিৰুদ্ধে আশা কৰ্মীৰ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান , ০৪ এপ্ৰিলঃ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কামত নিয়োজিত কৰা নাৰ্চ আৰু আশা কৰ্মীক প্ৰাপ্য টকাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত আজি হোজাই চিকিৎসালয়ত আশাকৰ্মী সকলে এক হোজাই জিলা উপায়ুক্তৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ দুপৰীয়া খোৱা বোৱা , আনকি এবটল পানীও নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হোজাই জিলা প্ৰশাসনৰ বিৰুদ্ধে ৷ কেৱল এয়াই নহয় , হোজাই জিলা প্ৰশাসনে যিমান খিনি কৰ্মচাৰীক নিৰ্বাচনত নিয়োজিত কৰিছিল , সকলোৰে লগত এনে কাণ্ড সংগঠিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহাম্মদ বৰভূঞাই ৷ নিৰ্বাচন আয়ুক্তৰ নিৰ্দেশ মতে , এই সকল আশাকৰ্মীক ২৫০ টকা মজুৰি আৰু ১৫০ খোৱা বাবৎ দিব লাগে ৷ কিন্তু একো নাপাই লঘুনে থাকি নিশা ৯ বজালৈকে হোজাই জিলাৰ অধীনত থকা প্ৰতিটো ভোট কেন্দ্ৰত নিয়োজিত হৈ নিজৰ দায়িত্ব পালন কৰি গৈছিল প্ৰতিজন নাৰ্চ আৰু আশাকৰ্মী সকলে ৷ এতিয়া এই সকল নাৰ্চ আৰু আশাকৰ্মীৰ অভিযোগ সমূহত নিৰ্বাচনী বিষয়াৰ লগতে বিভাগীয় কতৃপক্ষই কিমান খিনি সহাঁৰি জনায় , সেয়া সময়ত হব লক্ষনীয় ৷