হোজাইত নাৰী দিৱস উদযাপন , কল্পনা দেৱী গোস্বামীলৈ নন্দেশ্বৰী দেৱী সোঁৱৰণী জীৱনজোৰা বঁটা প্ৰদান

26

হোজাইত নাৰী দিৱস উদযাপন , কল্পনা দেৱী গোস্বামীলৈ নন্দেশ্বৰী দেৱী সোঁৱৰণী জীৱনজোৰা বঁটা প্ৰদান

ছাদিকুজ জামান, মোৰাঝাৰ ,৮ মার্চ : হোজাই সাহিত্য সভাৰ আকাশ উপ-সমিতিয়ে আজি হোজাইৰ বাণীকান্ত কাকতি ক্ষেত্ৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় । আজি বিয়লি শাখা সাহিত্য সভাৰ সভাপতি ডাঃ সামচুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত হাওৰাঘাটৰ অধ্যাপিকা পুণ্যলতা বৰাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নাৰী দিৱসৰ ওপৰত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সু গায়ক, নাট্যকাৰ গল্পকাৰ পদ্মকান্ত বৰাৰ লগতে সন্মানিত অতিথিৰূপে উপস্থিত থাকে ডাঃ সানৌ সিংহই । নাৰী দিৱসৰ লগত সংগতি ৰাখি নাৰী সমাজৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক উত্তৰণৰ দিশত জীৱন জোৰা সাধনাৰ বাবে বিশিষ্ট কবি, সমাজসেৱিকা কল্পনা দেৱী গোস্বামীক উষ্ম আদৰণি জনাই হোজাই সাহিত্য সভাৰ আকাশ উপ সমিতিয়ে পোন প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা ডাঃ সানৌ সিংহই নিজ প্ৰয়াত পত্নীৰ নামত প্ৰৱৰ্তন কৰা নন্দেশ্বৰী দেৱী ( লটিকা) সোঁৱৰণী জীৱন জোৰা সাধনা বঁটাৰ উপৰিও সাহিত্য সভা আৰু আকাশ উপ-সমিতিয়ে যৌথ ভাবে মানপত্ৰ, স্মাৰক, শৰাই জাপি , চেলেং সদৰ গামোচা আৰু কিতাপৰ টোপোলা প্ৰদান কৰে । ইয়াৰ লগতে হোজাই সমাজ জীৱনত বিশিষ্ট বৰঙণি আগবঢ়োৱা নিৰু শইকীয়া, লাবন্য বৰা, লিলি শইকীয়া বৰা, লক্ষ্মী প্ৰভা নাথ আৰু আনিমা বৰুৱাক আকাশ উপ সমিতিয়ে সম্বৰ্ধনা জনায় । সভাত হোজাইত পোনপ্ৰথমবাৰৰ বাবে মঞ্চত অঞ্জলী তালুকদাৰৰ পৰিচালনাত হলি গীত পৰিবেশন কৰে । কুন্তলা দাসৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত আনিমা বৰুৱা আৰু ৰেণুকা দেৱীয়ে কবিতা পাঠ, গীত পৰিবেশন কৰে ৰিনা দেউৰী, লিলি হাজৰিকা আৰু আকাশ উপ-সমিতিৰ আহ্বায়িকা পদ্মিনী ডাউলাগাপুয়ে৷