হোজাইত ‘প্ৰিন্সিপালচ মীট’ৰ সামৰণি

54

হোজাইত ‘প্ৰিন্সিপালচ মীট’ৰ সামৰণি


ছাদিকুজ জামান , মোৰাঝাৰ ,২৪ ফেব্ৰুৱাৰী : হোজাইৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ শিক্ষা বিভাগে’মৰ্কজ গ্ৰুপ অৱ স্কুল’ৰ অধীনস্থ ৪৫ খন মৰ্কজ একাডেমিৰ অধ্যক্ষক লৈ আয়োজন কৰা প্ৰিন্সিপালচ মীট’ৰ আজি সামৰণি পৰে ৷ দুদিনীয়া কাৰ্যসূচীৰে মৰ্কজ পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত আয়োজন কৰা এই মীটত মৰ্কজ গ্ৰুপ অৱ স্কুলৰ অধীনস্থ স্কুলসমূহৰ শৈক্ষিক মানদণ্ডৰ উন্নয়ন,ভৱিষ্যত পৰিকল্পনা,সমল ব্যক্তিৰ দ্বাৰা অনুপ্ৰেৰণামূলক কৰ্মশালা আদি কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ২৩ তাৰিখ মংগলবাৰে মৰ্কজুল মা’আৰিফৰ সভাপতি ড° চামছুল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সংস্থাটোৰ অতিৰিক্ত সাধাৰণ সম্পাদক দেৱান আব্দুল আলিম চৌধুৰীয়ে৷ সিদিনা নীলবাগান মডেল উ:মা: বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞা আৰু আজমল ফাউণ্ডেচনৰ একাডেমিক ডাইৰেক্টৰ সমীৰ কাঞ্জিলালে সমল ব্যক্তিৰূপে দুটা চেচন ৰূপায়ন কৰে ৷ মৰ্কজুল মাৰিফৰ শিক্ষা বিভাগৰ মুৰব্বী ড° ৰাজি আহমদ কাছিমীৰ পৰিকল্পনা আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰৰ সহযোগিতাত আয়োজিত এই প্ৰিন্সিপালচ মীটত যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলেও অংশগ্ৰহণ কৰি প্ৰিন্সিপালসকলৰ সৈতে মত বিনিময় কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here