হোজাইত শীঘ্ৰে মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্ৰম আৰম্ভ হ’ব – ড৹ হিমন্ত

38

হোজাইত শীঘ্ৰে মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্ৰম আৰম্ভ হ’ব – ড৹ হিমন্ত

ছাদিকুজ জামান মোৰাঝাৰ ২৪ ফেব্ৰুৱাৰী : ৰাজনৈতিক দল খুলি ৰজা হোৱাৰ বাবে অসমত কিছু সংগঠনে ‘ কা ‘আন্দোলন কৰি উন্নয়নত বাধা প্ৰদান কৰিলে, ইয়াৰ সমান্তৰালকৈ লুৰিনজ্যোতি গগৈয়েও ৰজা হোৱাৰ সপোন দেখি ৰাজনীতিলৈ আহিছে ৷ ৰাজ্যত কিছুমান দল আছে যি সকলৰ বাবে ৰাজ্যত উন্নয়ন স্থবিৰ হৈ গৈছিল , এক বছৰ কা আন্দোলন কৰি ৰাজ্যৰ উন্নয়নত বাধা প্ৰদান কৰি যি সকলে ৰাজ্যৰ মানুহক ভুল পথেৰে পৰিচালিত কৰিছিল তেওঁলোকে আচলতে ৰাজ্যৰ মানুহৰ , ৰাজ্যৰ সুৰক্ষাৰ বাবে কা আন্দোলন কৰা নাছিল ।তেওঁলোকে আন্দোলন কৰিছিল ৰাজনৈতিক দল খুলি নিজে ৰজা হোৱাৰ বাবে , ধন ঘটাৰ বাবে । লুৰিন জ্যোতিৰ দৰে আন্দোলনকাৰী নেতাসকলে নিজে ৰজা হোৱাৰ বাবেই কা আন্দোলনৰ ভেকো ভাওনা কৰি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছিল বুলি মন্ত্ৰী গৰাকীয়ে জোৰাপুখুৰীত জিলা চিকিৎসালয়ৰ উদ্বোধন কৰি ৰাইজৰ আগত এইদৰে মন্তব্য কৰে।২৩ ফেব্ৰুৱাৰীত হোজাইৰ জোৰাপুখুৰীত দুশখন বিচনা যুক্ত অসামৰিক চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য অতিথিৰ ভাষণত শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতিক আক্ৰমণৰ লক্ষ্য কৰি ভাষণ প্ৰদান কৰে। মন্ত্ৰী গৰাকীয়ে ভাষণত কয় কা আন্দোলনৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী চহৰৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বহু ঠাইত চৰকাৰী সম্পত্তি নষ্ট কৰাৰ লগতে ৰাজ্যত কা প্ৰযোজ্য হ’লে অসমত বাহিৰৰ পৰা লাখ লাখ হিন্দু বঙালী সোমাই আহিব বুলি ৰাজ্যজুৰি আন্দোলনকাৰী সকলে অপপ্ৰচাৰ বিয়পাই দিছিল। এনে অপপ্ৰচাৰত ৰাইজ আতংকিত হৈ ৰাজ্যত তীব্ৰ আন্দোলন গঢ়ি তুলিছিল । কা আন্দোলনৰ বাবেই জাপানৰ প্ৰধানমন্ত্ৰী অসমত আহিব নোৱাৰাত অসমত যি উদ্যোগিক প্ৰতিষ্ঠান গঢ়ি উঠিলেহেঁতেন তাৰ পৰা অসম আজি বহুতো পিছ পৰি গল বুলি মন্তব্য কৰে । জাপানৰ প্ৰধান মন্ত্ৰী আন্দোলনৰ বাবে অসমত আহিব নোৱাৰাত অসমৰ উদ্যোগিক উন্নয়নত কা আন্দোলনকাৰী সকল হেঙাৰ হিচাপে থিয় দিলে। মিছা আৰু ভুৱা অপপ্ৰচাৰ চলাই আন্দোলন কৰা আন্দোলনকাৰী সকলে অসমৰ কোনো উন্নয়নৰ কথা চিন্তা নকৰি অসম খনত অসমীয়া বঙালী,অসমীয়া বড়ো আদি ভাগ ভাগ কৰাৰ এক ষড়যন্ত্ৰন্ত্রত লিপ্ত হৈ মাত্ৰ ৰজা হোৱাৰ সপোন লৈ অসমৰ উন্নয়নত বাধা প্ৰদান কৰিলে। অসমত যোৱা দুটা বছৰ কা আন্দোলন আৰু কৰুণাৰ বাবে উন্নয়ন মূলক কামৰ ব্যাঘাত হল যদিও মাত্ৰ বিগত তিনি বছৰতেই অসমত বিজেপি চৰকাৰে উন্নয়নৰ গতিৰথ চলাই লৈ গল। কোনো আন্দোলন নহলে অসম খনৰ উন্নয়ন আৰু আগুৱাই লৈ যাব পাৰিলেহেঁতেন বুলি মন্ত্ৰী হিমন্ত মন্তব্য কৰে। সভাত হোজাইৰ অসামৰিক চিকিৎসালয় উদ্বোধন কৰাই নহয় অহা নিৰ্বাচনৰ পিছত হোজাইবাসীৰ বাবে হোজাইত এখন মেডিকেল কলেজ নিৰ্মান কৰা হব বুলি ঘোষণা কৰাৰ লগে লগে সভাত উচাহৰ লহৰ উঠা পৰিলক্ষিত হয় । একেলগে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে ২০১৪ চনত কংগ্ৰেছ চৰকাৰে হোজাই জিলা অসামৰিক চিকিৎসালয়খনৰ শিলান্যাস কৰিছিল যদিও কোনো কাম নকৰাত বিজেপি চৰকাৰে হোজাই বাসীৰ দাবীক সন্মান জনাই দুই বছৰ পূৰ্বে পুনৰ চিকিৎসালয়ৰ শিলান্যাস কৰি মাত্ৰ দুই বছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে আৰু এই চিকিৎসালয় খন ৰাইজৰ বাবে মুকলি কৰি দিয়া হল আৰু অহা তিনি মাহৰ ভিতৰত ৰাইজে এই জিলা চিকিৎসালয়খনত সকলো ধৰণৰ সা সুবিধা লাভ কৰিব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে লগতে কয় – যোৱা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী ভাষণত বিজেপি চৰকাৰ আহিলে হোজাইৰ অসামৰিক চিকিৎসালয় আৰু হোজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হব বুলি দিয়া প্ৰতিশ্ৰুতি চৰকাৰে আজি পালন কৰিলে। বিজেপি চৰকাৰে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত যি ধাৰা অব্যাহত ৰাখিছে তাৰ ফলত যোৱা পাঁচ বছৰত ৰাস্তা,দলং,শিক্ষানুষ্ঠান,চিকিৎসালয়,মহিলা সকলৰ বাবে অৰুনোদয় আঁচনি, অৰুন্ধুতি আঁচনি, বৃদ্ধ আৰু বিধবা ভাতা , ১৫ খন মেডিকেল কলেজ ,ইঞ্জিনীয়াৰিং কলেজ, ১৬ খন চৰকাৰী কলেজ, ১০ খন বি এড কলেজ নিৰ্মানৰ কাম চলি আছে। ছাত্ৰছাত্ৰী সকলৰ বাবে বিনামূলীয়া কিতাপ, পোছাক, ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰী সকলক কিতাপ কিনাৰ বাবে ১৫০০ টকা কৰি দিয়া হৈছে বুলি মন্তব্য কৰে৷ হোজাইত আজিৰ পৰা বিজেপিৰ জন সম্পৰ্ক অভিযানৰ আৰম্ভণি কৰি হিমন্ত বিশ্ব শৰ্মাই দুখন ঘৰত গৈ উপস্থিত হয় । পৰৱৰ্তী সময়ত সন্ধিয়া মন্ত্ৰী গৰাকী হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক বিল্ডিংৰ শিলান্যাস কৰে । বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ মাজত সোমাই একাত্ম হৈ যোৱাৰ লগতে হোজাই বিশ্ববিদ্যালয়ত এক গাম্ভীৰ্য পূৰ্ণ বক্তব্য প্ৰদান কৰে। ছাত্ৰ ছাত্ৰী সকলক চৰকাৰে দিয়া সকলো সুবিধা ভোগ কৰাৰ লগতে শিক্ষা লোৱাৰ ক্ষেত্ৰত শিক্ষাৰ্থী সকলক মানোযোগী হোৱাৰ বাবে আহ্বান জনায়। নিজৰ বক্তব্যত হোজাইবিশ্ববিদ্যালয়খনত অতি শীঘ্ৰে বি এড আৰু এম এড খোলা হ’ব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে। বিশ্ববিদ্যালয়খনত পূৰ্ণতা দিয়াৰ বাবে অনতিপলমে ১০০ কোটি দিয়াৰ কথা ঘোষণা কৰি কেৱল অসমখনক বিকাশ আৰু ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ যি সংকল্প সেই সংকল্প বাস্তৱত পৰিগণিত কৰাৰ বাবে বিজেপি চৰকাৰে কাম কৰি গৈ আছে আৰু কৰি যাব বুলি মন্তব্য কৰে। দুয়োখন সভাত হোজাইৰ জিলাৰ বিধায়ক শিলাদিত্য দেৱ ,লামডিংৰ বিধায়ক শিবু মিশ্ৰ বক্তব্য ৰাখে। হোজাইৰ জিলা অসামৰিক চিকিৎসালয় উদ্বোধনী সভাত ৰাজ্যিক প্ৰৱক্তা ৰামকৃষ্ণ ঘোষ, বিজেপিৰ বৰ্তমান আৰু প্ৰাক্তন সভাপতি ক্ৰমে অনুপ দেৱ,অৰ্জুন মজুমদাৰ, জিলা উপায়ুক্ত ডা: সাদনেক সিং, এন এম এইচৰ নিৰ্দেশক আৰু বিশিষ্ট ব্যক্তি সকল সহ প্ৰায় ২০ সহস্ৰাধিক ৰাইজ ৰাজহুৱা সভাত উপস্থিত থাকে । ইপিনে,সন্ধিয়া ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত অধ্যাপ অধ্যাপিকা সকলৰ লগতে কেইবা শতাধিক শিক্ষাৰ্থী উপস্থিত থাকি সভাৰ শেষত মামাৰ সৈতে চেল্ফী লোৱাত ব্যস্ত হৈ পৰে ৷ পোনৰ কম সময়ৰ ভিতৰত মন্ত্ৰীগৰাকী হোজাইত আহি স’তে মত বিনিময় কৰিব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, আজি হোজাইবাসীৰ কাৰণে এটি ঐতিহাসিক দিন বুলি মন্ত্ৰী গৰাকীয়ে ভাষণত মন্তব্য কৰে ৷ লগতে শিক্ষাৰ্থী সকলক অহা নিৰ্বাচনত বিজেপি চৰকাৰ শাসনত আহিলে দৈনিক এশ টকাকৈ চৰকাৰে দিব বুলি উল্লেখ কৰি কয় যিসকলে ক্লাচ ক্ষতি নকৰি দৈনিক কলেজত যাব সেইসকলে এশ টকাকৈ মাহিলী তিনি হাজাৰ টকা পাব আৰু পিতৃ মাতৃৰ টকা খৰচ নহব ৷ কেৱল শিক্ষাৰ্থী সকলে মনোযোগেৰে অধ্যয়ণ কৰাৰ আহ্বান জনায় মন্ত্ৰী ড৹ শৰ্মাই ৷ইপিনে ২৪ ফেব্ৰুৱাৰীত যমুনামুখৰ নীলবাগানত অসম জাতীয় পৰিষদৰ এখন বিশাল জাগৰণ সভাত দলৰ সভাপতি লুৰাণ জ্যোতি গগৈ অংশলৈ ভাষণ প্ৰংসগত কয় হিমন্তই আমাক সমালোচনা কৰি কৈছে কা আন্দোলন কৰি আমি ৰজা হবলৈ আহিছো,তেওঁলোকে জনা উচিত গণতন্ত্ৰত ৰাইজেই ৰজা ,আমি ৰজা হবলৈ অহা নাই ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ৷তেওঁলোকে নিজকে ৰজা বুলি ভাবিছে ৷এনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ সমালোচনাত্মক আক্ৰমণ কৰি আজমল আৰু হিমন্তই দুয়োয়ে ৰাতি ৰাতি ফোনত কথা পাতে বুলি কঠাক্ষ কৰি কয় আজমলৰ ভেটি যমুনামুখত আজমলৰ অপশাসনৰ অৱসান ঘটাবলৈ ৰাইজক আহব্বান জনায়৷এই সভাখনতে দলৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানেও ভাষণ আগবঢ়াই৷সভাত দহ সহস্ৰাধিক লোক উপস্থিত হয়৷উল্লেখ যোগ্য যে প্ৰথমবাৰলৈ লুৰিন হোজাইত অহাত গায়ন বায়নেৰে বৃহৎ সাংস্কৃতিক দলে আদৰি আনে আৰু উস্ম আদৰণি জনোৱা হয়৷