হোজাইৰ ইছলাম নগৰ পঞ্চায়তত ৯ টা কামৰ আধাৰশিলা স্থাপন

39

হোজাইৰ ইছলাম নগৰ পঞ্চায়তত ৯ টা কামৰ আধাৰশিলা স্থাপন

ছাদিকুজ জামান,মোৰাঝাৰ ২৬ ফেব্ৰুৱাৰী: হোজাই জিলাৰ যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ইছলাম নগৰ গাঁও পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ অধীনত এটি পথ নিৰ্মানৰ ৯ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া কামৰ শুভাৰম্ভ কৰে পঞ্চয়ত সভানেত্ৰীৰ নমিনি জুৱাদুৰ ৰহমানে ৷ আধাৰশিলা অনুষ্ঠানত স্থানীয় ৰাইজ উপস্থিত থাকি পঞ্চায়ত প্ৰতিনিধিৰ লগতে যোগীজান উন্নয়ন খণ্ডৰ বিষয়া সুৱেতা শৰ্মাক ধন্যবাদ জনায় ৷উল্লেখ্য যে, আজি ইছলাম নগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ওৱাৰ্ডত ৯ টাকৈ নতুন কামৰ শুভ উদ্বোধন কৰে পঞ্চায়ত প্ৰতিনিধি সকলে ৷ অনুষ্ঠানত স্থানীয় মুৰব্বী, যুৱক সকলৰ লগতে স্থানীয় সাংবাদিক কফিল উদ্দিন বৰভু়ঞা উপস্থিতিত আছিল ৷