হোজাই জিলাত ট্ৰাক ডাম্পাৰৰ সন্ত্ৰাস বৃদ্ধি গভীৰ নিদ্ৰাত পৰিবহন বিভাগ

24

হোজাই জিলাত ট্ৰাক ডাম্পাৰৰ সন্ত্ৰাস বৃদ্ধি গভীৰ নিদ্ৰাত পৰিবহন বিভাগ
ছাদিকুুজ জামান,মোৰাজাৰ,১৯ ফেব্ৰুৱাৰীঃ হোজাই জিলাত বৃদ্ধি পাইছে ট্ৰাক ডাম্পাৰৰ সন্ত্ৰাস । আজি জিলাখনৰ নীলবাগান মেথিগাঁ‌ও সংযোগী পথত তীব্ৰ বেগী বালি ভৰ্তি ডাম্পাৰ পথৰ দাতিত ভাগৰি পৰাত কথমপি ৰক্ষা পৰে পথচাৰীৰ লগতে চালক হেণ্ডিমেন । বালি ভৰ্তি কৰি নীলবাগান মেথিগাঁ‌ওৰ নতুনকৈ নিৰ্মাণ হোৱা পি এম জি এছ ৱাই পথেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয় । ৰাস্তাটোৰে সঘনাই শিল,বালি,মাটি ভৰ্তি নম্বৰ প্লেট বিহীন ট্ৰাক ডাম্পাৰে সৰবৰাহ কৰি অহাত ৰাস্থাটো নিৰ্মানৰত অৱস্থাত ভাঙি চিঙি যাব ধৰিছে । হোজাই জিলাত ট্ৰাক ডাম্পাৰৰ সন্ত্ৰাসৰ বাবে দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে যদিও ৰহস্যজনক ভাৱে হোজাই পৰিবহন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।সামাজিক মাধ্যমতো একাংশ লোকে পৰিবহন বিভাগৰ কৰ্ম কাণ্ডত সমালোচনা আৰাম্ভ কৰিছে । ট্ৰাক ডাম্পাৰৰ চালক, মালিক পক্ষৰ সৈতে পৰিবহন বিভাগৰ একাংশ উচ্চ পদস্থ বিষয়াৰে ৰহস্যজনক ভাৱে ঘনিষ্ঠতাই নিয়ন্ত্ৰণত ব্যাঘাত জন্মিছে বুলি সচেতন লোকে অভিযোগ উত্থাপন কৰিছে।আৰক্ষী প্ৰশাসন,বন বিভাগৰ লগতে পৰিবহন বিভাগে ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে সচেতন ৰাইজৰ লগতে একাংশ দল সংগঠনে। বিশেষকৈ নীলবাগান মেথিগাঁ‌ও সংযোগী ৰাস্থাৰে বহু কেইখন বিদ্যালয়,মহা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আহ যাহ কৰে,তীব্ৰবেগী ডাম্পাৰ,ট্ৰাকৰ আহ যাহে যিকোনো সময়ত ভয়াবহ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

Total Page Visits: 12 - Today Page Visits: 2