হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত দুই অধ্যাপকৰ বিদায়ী সম্বৰ্ধনা সভা 

307
হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত দুই অধ্যাপকৰ বিদায়ী সম্বৰ্ধনা সভা
জমিৰ উদ্দিন তালুকদাৰ, ডবকা ,২৮ নৱেম্বৰঃ হোজাই জিলাৰ উচ্চ শিক্ষাৰ  আটাইতকৈ পুৰণি শিক্ষানুষ্ঠান হিচাবে ১৯৬৪ চনত স্থানীয় সচেতন ৰাইজৰ পৃষ্ঠপোষকতাত হোজাই মহাবিদ্যালয় স্থাপিত হয়। বিভিন্ন প্ৰত্যাহ্বানক নেওচি শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানে জনসাধাৰণৰ মাজত উচ্চ শিক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছে। শৈক্ষিক সজাগতা জাগ্ৰত কৰাত এইখন শিক্ষানুষ্ঠানৰ ভূমিকা সদায় লেখত ল’বলগীয়া। ২০১৬ চনত অসম চৰকাৰে এই শিক্ষানুষ্ঠানখনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাত জিলাখনৰ সমগ্ৰ শিক্ষানুৰাগীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ জনসাধাৰণৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই আনিছে, যিখন আজি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হিচাপে সুপৰিচিত। শিক্ষকতাক জীৱনৰ ব্রত হিচাপে সৰোগত কৰি সুদূৰ উৰিষ্যাৰ পৰা আহি ১৯৮৩ চনত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল ড৹ ৰবীন্দ্ৰ কুমাৰ ৰথে ৷  তেখেতৰ বিশাল ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ তথা অভিভাৱকসকলৰ অন্তৰ জয় কৰাৰ উপৰিও প্ৰায় সকলো দল-সংগঠন তথা ৰাইজৰ হিয়াৰ আমঠু হিচাপে সমাদৰ লাভ কৰিছিল। অসমৰ ভাষা, কলা-সংস্কৃতিক আঁকোৱালি ল’ব পৰাটোৱেই আছিল এই গৰাকী শিক্ষকৰ জীৱনৰ আন এক বৈশিষ্ট্য। প্ৰায় ৪০ বছৰ কাল সেৱা আগবঢ়াই যোৱা ৩০ মে’ত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে অধ্যাপক ৰথে । ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক পৰীক্ষা নিয়ন্ত্ৰক হিচাপে সেৱা আগবঢ়ায় এইগৰাকী শিক্ষকে । সেই একে শিক্ষানুষ্ঠানত ১৯৮৭ চনত কামৰূপ জিলাৰ পৰা আহি সেৱা আগবঢ়াই যোৱা ৩০ এপ্ৰিললৈকে ব্যৱসায় ব্যৱস্থাপনা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে সেৱা আগবঢ়াই সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ড৹ আজমল হক চৌধুৰীয়ে ৷ সুদীৰ্ঘ প্ৰায় তিনি-চাৰি দশকতকৈও অধিক কাল একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে শৈক্ষিক উন্নতিকল্পে আগবঢ়োৱা সেৱাৰ বাবে অৱসৰপ্ৰাপ্ত দুয়োগৰাকী অধ্যাপকক বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক সংস্থা আৰু অনা শিক্ষক গোটৰ ফালৰ পৰা আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় । সভাপতি হিচাপে সভাখন পৰিচালনা কৰে শিক্ষক গোটৰ সভাপতি অধ্যাপক লক্ষণ পাটগিৰিয়ে। সভাখনত আৰু বহুতো অৱসৰপ্ৰাপ্ত অধ্যাপকে অংশগ্ৰহণ কৰি বিদায়ী অধ্যাপক দুয়োগৰাকীৰ ব্যক্তিত্ব সম্পৰ্কে গুণমালা সদৰী কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড৹ অমলেন্দু চক্রৱৰ্তী। ৰাতিপুৱা ১১ বজাত আৰম্ভ হোৱা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক গোটৰ সম্পাদক ড৹ উৎপল কুমাৰ ফুকনে। দুপৰীয়া প্ৰীতি-ভোজনেৰে উক্ত বিদায়ী সভাখন সমাপ্ত হয় বুলি শিক্ষক গোটৰ সহ সম্পাদক ড৹ নজৰুল ইছলাম বৰভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে ৷