হৰিপুৰ উদয়ন স্বেচ্ছাসেৱী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ , ২২বিঘা ভূমিত মুগা পলু পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৰুহুল আমিন সেখ , তামাৰহাট , ২৮ ডিচেম্বৰ : যি সময়ত শিক্ষিত নিবনুৱা যুৱক সকলে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে , সেই সময়তে চাকৰিৰ ভৰসা নকৰি ২২ বিঘা চৰকাৰী নুনি বাগিছা লিজত লৈ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হৰিপুৰ গাঁওস্থিত হৰিপুৰ উদয়ন স্বেচ্ছাসেৱী সংস্থাই মূগা পলু পালন কৰি আৰ্থিক ভাবে লাভান্বিত হোৱাৰ লগতে কিছু নিবনুৱা যুৱকক কৰ্ম সংস্থাপন দি স্বাৱলম্বীতাৰ নিদৰ্শণ দাঙি ধৰিছে । উল্লেখ্য যে , কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমা ৰেচম বিভাগে ১৯৮৮ –৮৯ চনতে মহকুমা খনৰ অন্তৰ্গত ঠাকুৰপুৰ গাঁৱত থকা ২২’৫বিঘা(৩হেক্টৰ ) চৰকাৰী খাচ মাটিত নুনি গছৰ বাগিছা স্থাপন কৰে । নুনি গছ বোৰ ডাঙৰ হৈ অহাত প্ৰথমতে বিভাগীয় কতৃপক্ষই মূগা পলু পালন কৰে যদিও বিভাগীয় কতৃপক্ষই লাভৱান হব পৰা নাই । ফলত কতৃপক্ষই মূগা পলু পালন বন্ধ কৰি দিয়ে । তেতিয়াৰ পৰা উক্ত নুনি বাগিছা খন পৰিত্যক্ত অৱস্থাতে পৰি আছে । যোৱা কেইমাহ মান পূৰ্বে তামাৰহাট থানাৰ অন্তৰ্গত হৰিপুৰ গাঁওস্থিত হৰিপুৰ উদয়ন স্বেচ্ছাসেৱী সংস্থা নামৰ বেচৰকাৰী সংস্থা টোৰ সভাপতি কন্দৰ্প শৰ্মা আৰু সম্পাদক শ্বেখ আব্দুল্লা উক্ত নুনি বাগিছা খন লিজতলৈ বাগিছা খন ছাফ চিকন কৰি বিভাগীয় কতৃপক্ষৰ পৰা মূগা পলুৰ কণী কিনি আনি বাগিছা খনত এৰি দিয়ে। পিছত উক্ত কণী বোৰৰ পৰা সৃষ্টি হোৱা পলুবোৰ ডাঙৰহৈ অহাত সংস্থা টোৰ কৰ্মী সকলে উক্ত পলু বোৰ বাগিছা খনৰ প্ৰতিটো গছত মেলি দিয়ে। নুনি গছৰ পাত খাই পূৰ্ণ বয়স্ক লাভ কৰা মুগা পলু বোৰক ঘৰ এটাৰ ভিতৰত শুকান পাতত বাহ সাজিবলৈ এৰি দিয়ে আৰু পলু বোৰে সম্প্ৰতি বাহ সাজিবলৈ আৰম্ভ কৰি দিছে।প্ৰতিটো পলুৰ বাহ (লেঠা) দুই টকাৰ পৰা ছয় টকালৈকে বিক্ৰী হব বুলি সংস্থাটোৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিয়ে ।মন কৰিবলগীয়া যে , গোসাইগাঁও মহকুমা ৰেচম বিভাগৰ মহকুমাধিপতি কন্দৰ্প বৰ্মণৰ নেতৃত্বত ৰেচম বিভাগৰ এটা সঁজাতি দলে অলপতে বাগিছা খন পৰিদৰ্শন কৰি সংস্থটোৰ মূগা পলু পালনৰ কাৰ্য্যক সন্তোষ জনক বুলি অভিমত ব্যাক্ত কৰে ।