২২ মাৰ্চত অসমৰ সমূহ চাহ বাগান বন্ধ দিয়াৰ ঘোষণা আটছাৰ , চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰাক লৈ এই বন্ধৰ ঘোষণা

57

২২ মাৰ্চত অসমৰ সমূহ চাহ বাগান বন্ধ দিয়াৰ ঘোষণা আটছাৰ , চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰাক লৈ এই বন্ধৰ ঘোষণা
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে চাহ বাগিচাই বাগিচাই সজাগতা সভা


দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া , ২০ মাৰ্চঃ সমাগত ২০২১ ৰ বিধানসভাৰ নিৰ্বাচন অতি চমু চাপি আহিছে ২১ ৰ বিধানসভাৰ নিৰ্বাচন । কিন্তু ইয়াৰ প্ৰাকক্ষণত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)গটং উপ-শাখা সমিতিৰ উদ্যোগত আৰু গেলাপুখুৰী , লিম্বুগুৰি , এথেলবাৰী তথা ধেলাখাট প্ৰাথমিক গোটৰ সহযোগত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিক লৈ প্ৰতিবাদ অব্যাহত আছে । উল্লেখ্য যে , চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাক লৈ চাহ জনজাতি ছাত্র সন্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদ-আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো আজি পৰ্য্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে শাসনাধীন চৰকাৰখনে।তেওঁলোকৰ অভিযোগ কি কংগ্ৰেছ , কি বিজেপি সকলোৱে কেৱল ভোটবেংক হিচাপেহে চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে । আনহাতে , বিগত বছৰসমূহত বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল , সেয়া সকলো ভূৱা প্ৰতিশ্ৰুতি বুলি আখ্যা দিয়ে সংগঠনটোৱে । মন কৰিবলগীয়া কথা এইয়ে যে , তেওঁলোকে বাগিচাই বাগিচাই সজাগতা সভা আয়োজন কৰি অহা ২২ মাৰ্চত অসমৰ সমূহ চাহ বাগান বন্ধ দিয়াৰ ঘোষণা কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here