৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন তিনিচুকীয়া অসম গণ পৰিষদৰ 

0
109
৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন তিনিচুকীয়া অসম গণ পৰিষদৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , সন্তোষ ফুকন , তিনিচুকীয়া , ১৪ অক্টোবৰঃ তিনিচুকীয়া গুইজান ঘাট পূজা মণ্ডপত আজি চাবুৱা সমষ্টিৰ অসম গণ পৰিষদ , চাবুৱা বিধান পৰিষদ সমিতিৰ উদ্যোগত আৰু অসম গণ পৰিষদৰ গটং আৰু গুইজান পঞ্চায়ত পৰিষদৰ সহযোগত ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস চাবুৱা বিধানসভা সমষ্টিৰ ভিত্তিত উদযাপন কৰে অসম গণ পৰিষদে । প্ৰথমে এক বিশাল মটৰচাইকেল ৰেলিৰে  অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে দাবীদাৰ পোনাকন বৰুৱা উক্ত মটৰচাইকেল ৰেলিত আগভাগ লয় । তাৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানত ৩৬ খন দলীয় পতাকা উত্তোলন কৰে । লাচিত মাউট দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুনাকণ বৰুৱা , অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক – প্ৰাঞ্জল ৰাজ খনিকৰ , ডিব্ৰুগড় জিলাৰ বিশিষ্ট অতিথি  সাংবাদিক- ইকপাল আহমেন , মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা অঞ্জলি গগৈ , কেন্দ্ৰীয় সমিতিৰ সদস্য- প্ৰভাত চাহু। উক্ত সভাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক ছাত্ৰ পৰিষদৰ , বিধান পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here