ৰঙালী বিহুলৈ গোলাঘাটত আৰম্ভ আখৰা

36

ৰঙালী বিহুলৈ গোলাঘাটত আৰম্ভ আখৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ ,গোলাঘাট , ১ এপ্ৰিলঃ ৰাজ্যত এফালে নিৰ্বাচনৰ তীব্ৰ গৰম বতাহ , আনফালে নঙলামূখ পাও পাও ৰঙালী বিহুলৈ বুলি গোলাঘাটত আৰম্ভ আখৰা । ৰাজ্য এতিয়া ব্যস্ত কেৱল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ঘূৰ্ণী বতাহ ৷ কি টিভি , কি ৰেডিঅ’ আৰু ম’বাইল ফৌন তথা ইণ্টাৰনেটৰ বিভিন্ন সামাজিক মাধ্যম ৷ সকলোতে কেৱল এটাই খবৰৰ টোৰপাল ৷ এইবাৰ কোন জিকিব ৷ কেৱল এইয়াই নহয় ৷ কি ডেকা কি বুঢ়া , আনকি মদৰ নিচাটো এতিয়া কেৱল নিৰ্বাচনৰ বতৰা ৷ সেইবোৰৰ মাজতে হঠাৎ কেতিয়া যে অসমীয়াৰ চিনেহৰ হেপাহৰ ৰঙালী বিহুটি আগবাঢ়ি আহি নঙলামূখ পাৰ হ’লহি , কোনোৱেই যেন টলকিবই নোৱাৰিলে ৷ আজি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা গোলাঘাট কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ সহযোগত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ খেল পথাৰত ১ এপ্ৰিল ২০২১ দিনাংকৰ পৰা ১১ এপ্ৰিল ২০২১ দিনাংকলৈ এঘাৰ দিনীয়া বিহু কৰ্মাশালা কাৰ্য্যসূচী আৰম্ভ কৰা হয় ৷ উক্ত কৰ্মশালাখনিত বিভিন্ন ঠাইৰ পৰা নৃত্য তথা ঢোল আদিৰ অভিজ্ঞতা প্ৰাপ্ত প্ৰশিক্ষক নিমন্ত্ৰিত কৰা হয় বুলি জানিবলৈ দিয়া হয়।