ৰঙিয়াৰ তুলসীবাৰী এপ’ল মিল শ্ৰমিকৰ সংবাদ মেল ,পুনৰ চৰকাৰী বঞ্চনাৰ অভিযোগ

22

ৰঙিয়াৰ তুলসীবাৰী এপ’ল মিল শ্ৰমিকৰ সংবাদ মেল ,পুনৰ চৰকাৰী বঞ্চনাৰ অভিযোগ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া ,২৩ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীস্থিত এপ’ল মিলৰ শ্ৰমিকৰ সংবাদ মেল। স্থানীয় বিধায়ক তথা মন্ত্ৰী ভবেশ কলিতাৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ।”মিছা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰি আহিছে মন্ত্ৰী ভবেশ কলিতাই” -এই ভাষ্য এপল মিল শ্ৰমিক কৰ্মচাৰী সকলৰ । কাইলৈ ৰঙিয়াত প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাইকেল ৰেলীত অংশগ্ৰহণ কৰাৰ কথা , ঠিক এই সময়তেই তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ মিলটোৰ শ্ৰমিকসকলৰ। আগন্তুক দিনত এই শ্ৰমিক সকলে প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে । এপ’ল মিলৰ শ্ৰমিক সকলক স্বেচ্ছামূলক অৱসৰ দিম বুলি মিছা প্ৰতিশ্ৰুতি দি চৰকাৰে এই কৰ্মচাৰী সকলক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ শাসনাধিস্থিত চৰকাৰখনৰ বিৰুদ্ধে। চৰকাৰে এপ’ল মিল শ্ৰমিক সকলক স্বেচ্ছামূলক অৱসৰ দিম বুলি ১৫ কোটি টকা ধার্য্য কৰা বুলি জনাইছিল যদিও আজিলৈ এই ধনৰাশিৰ এটকাও লাভ কৰিবলৈ সক্ষম নহʼল কৰ্মচাৰীসকল । নিৰ্বাচন সমাগত শ্ৰমিক সকল বৰ্তমান শংকাত ভুগিছে কি হ’ব তেওঁলোকৰ ভৱিষ্যত। উল্লেখযোগ্য যে , অহা নিৰ্বাচনত সমূহীয়া ভোট বৰ্জন কৰাৰ সকিয়নী দিয়ে অঞ্চলটোৰ ৰাইজে । ৩৯৪ গৰাকীকৈ কৰ্মচাৰী এই মিলটোৰ লগত বৰ্তমানেও জড়িত । চিন্তাৰ বিষয় কি হʼব এই কৰ্মচাৰী পৰিয়াল সমূহৰ ভৱিষ্যত ।

Total Page Visits: 31 - Today Page Visits: 1