ৰঙিয়াত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব,বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ

53

ৰঙিয়াত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব,বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,ৰঙিয়া , ২৫ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ ৰঙিয়া সমষ্টিত ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে এক বিশাল চাইকেল ৰেলীত । বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ৰঙিয়াত আয়োজিত বিশাল চাইকেল ৰেলীত অংশগ্ৰহণৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী শৰ্মা। পূৰ্বৰে পৰা ৰৈ থকা ৰঙিয়াত হাজাৰ হাজাৰ সমৰ্থকে আদৰণী জনাই মন্ত্ৰী গৰাকীক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ৰঙিয়া তিনিআলিৰ পৰা ষ্টেচনলৈ যোৱা পথ এটিৰ শুভ উদ্বোধন কৰে । ইয়াৰ পিছতে তেওঁ ৰঙিয়া ষ্টেডিয়াম কলনীত অনুষ্ঠিত বিশাল দলীয় সভাত অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে , ৰঙিয়া ষ্টেডিয়াম কলনীৰ পৰা দক্ষিণ ৰঙিয়াৰ ডিমুলৈ প্ৰায় ১৭ কিলোমিটাৰ বাট চাইকেলেৰে সমদল কৰে। হিমন্ত বিশ্ব শৰ্মাৰ এই চাইকেল ৰেলীত অধিকাংশ দলীয় কৰ্মীয়ে বাইক ৰেলী কৰাহে পৰিলক্ষিত হয় । আনহাতে , আজিৰ এই ৰেলীত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা,প্ৰাৰ্থীত্ব প্ৰত্যশী ৰূপম ভৰালী সহ বিজেপিৰ কৰ্মীসকল ।