ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা,আটক দুই ড্ৰাগছ সৰবৰাহকাৰি

52

ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা,আটক দুই ড্ৰাগছ সৰবৰাহকাৰি
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া , ১৩ মাৰ্চঃ দিৰ্ঘদিন ধৰি ৰঙিয়াত অব্যহত আছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা। ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি শুক্ৰবাৰে ড্ৰাগছসহ হাতেলোটে আটক কৰে দুই যুৱকক।প্ৰায় ৩० হাজাৰ টকা মূল্যৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱক দুজনৰ পৰা। ৰঙিয়াৰ নিকটৱৰ্তী জয়ন্তীপুৰত দুজন যুৱকে ড্ৰাগছ বিক্ৰী কৰি উভতি অহাৰ সময়ত হাতে লোতে কৰায়ত্ব কৰে আৰক্ষীয়ে । কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ আৰক্ষী বিষয়া মিলি গোপন অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰি কেইজনক । আটক কৰা যুৱক কেইজন পীতাম্বৰ হাতবজালি গাৱৰ ৰেকিব আলি,আৰু জাহিদুল আলি। প্ৰায় ৫৯ টা কনটেইনাৰ সহ ৪:৫৫ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ তেওঁলোকৰ পৰা উদ্ধাৰ কৰে। এই সন্দৰ্ভত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাই এক সংবাদমেল যোগে জানিব দিয়ে। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰু ইয়াৰ লগত জড়িত অধিক লোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব বুলি জনাই আৰক্ষী বিষয়া গৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here