ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিলে “কা” অসমত বলবত হ’বলৈ নিদিয়াৰ লগতে অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ কংগ্ৰেছ প্ৰতিজ্ঞাবদ্ধ-ৰকিবুল হুছেইন

28

মৰিগাঁৱত প্ৰদেশ কংগ্ৰেছৰ ১০০+১লক্ষ্যৰে অসম বচাওঁক কাৰ্যসূচী , ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিলে “কা” অসমত বলবত হ’বলৈ নিদিয়াৰ লগতে অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ কংগ্ৰেছ প্ৰতিজ্ঞাবদ্ধ-ৰকিবুল হুছেইন
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও ,১৭ ফেব্ৰুৱাৰী : কংগ্ৰেছৰ অসম বচাওঁক লক্ষ্যৰে যাত্ৰা কৰি আজি মৰিগাঁৱত আহি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছী এটা দলে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত ১০০+১ লক্ষ্য আগত আহি মৰিগাঁৱৰ বৰপূজীয়াত ৪২ৰ শ্বহীদ তিনিগৰাকীকৈ ক্ৰমে হেমৰাম পাতৰ , গুনাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ, বন্তি প্ৰজ্বলন কৰাৰ উপৰিও শ্বহীদ পৰিয়ালৰ লগত মতবিনিময় কৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুল হুছেইনে। জিলা খনৰ জালুগুটি অঞ্চলত কংগ্ৰেছৰ দলটোৱে ভাষিক সংখ্যালঘু, কৃষক, চাহ ব্যৱসায়ী সকলৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ লগত মতবিনিময় কৰে। তাৰ পিছতেই কংগ্ৰেছৰ দলটোৱে আহি মৰিগাঁৱৰ ঘাঁহ ব্যৱসায়ী, ৰিক্সা চালক সকলৰ লগত মতবিনিময় কৰে। সন্ধিয়াৰ ভাগত জিলা সাংবাদিক সংস্থাৰ সভাগৃহত সাংবাদিক সকলৰ লগতে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ভাৱ বিনিময় কৰে কংগ্ৰেছৰ দলটোৱে। সাংবাদিক সংস্থাৰ সভাগৃহত সাংবাদিকক সম্বোধন কৰি প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনে কয় যে- অসম বচাওঁক যি লক্ষ্য আগত ৰাখি কংগ্ৰেছৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে সেই যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। ২০২১ত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে কংগ্ৰেছে বৰ্তমান সময়ত অসমত সংকট পৰা ভাষা- সংস্কৃতিৰ জীয়াই ৰাখিবলৈ কংগ্ৰেছে চেষ্টা চলাব। কংগ্ৰেছে “কা” অসমত বলবত হ’বলৈ নিদিয়াৰ লগতে অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰতিজ্ঞাবদ্ধ বুলি প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। কেন্দ্ৰই অসমত “কা” জাপি দিয়াৰ বাবে অসমত অসমীয়া মানুহে এতিয়া ভয় কৰি আছে। উল্লেখ্য যে- ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ ১০০+১ লক্ষৰে নিৰ্বাচনী ইস্তাহাৰত সন্নিবিষ্ট হ’বলগীয়া ৰাজ্যৰ প্ৰধান সমস্যা সমূ্হ সমাধানৰ উদ্দেশ্যে আজি মৰিগাঁৱত উপস্থিত হৈ প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনে মৰিগাঁও জিলাখনৰ প্ৰধান সমস্যা সমূ্হ শাসনত চৰকাৰ আহিলে সমাধানৰ লক্ষৰে সংবাদ মাধ্যমৰ লগতে মৰিগাঁও চেম্বাৰ্চ অফ কমাৰ্চ, জিলা ক্ৰীড়া সন্থাকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিৰ লগত মতবিনিময় কৰে। আজি প্ৰদেশ কংগ্ৰেছৰ অসম বচাওঁক লক্ষৰে মৰিগাঁৱত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে প্ৰাক্তনমন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা: নজৰুল ইছলাম, মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা, নগাঁৱৰ প্ৰাক্তন বিধায়ক ডা: দূৰ্লভ চমুৱা, মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোৱঁৰ,জনজাতি কোষৰ অধক্ষ্য ৰমেশ বৰদলৈ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মূখপাত্ৰ শশী মোহন বিশ্বাস, মইনুল ইছলাম, সীমান্ত হাজৰিকা, শ্ৰৱন ডেকাৰজা,যুৱ নেতা ৰাজীৱ নাথৰ লগতে বহুকেইজন কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে সদস্য উপস্থিত থাকে।

Total Page Visits: 13 - Today Page Visits: 1