ৰৌমাৰী মৈৰাধ্বজ আদৰ্শ জাতীয় বিদ্যালয়ৰ বিদায়ী সভা

67

ৰৌমাৰী মৈৰাধ্বজ আদৰ্শ জাতীয় বিদ্যালয়ৰ বিদায়ী সভা
দুৰ্নীতিৰ দৰ্পণ সেৱা,আবুল হুছেইন,টুকটুকী,২৮ ফেব্ৰুৱাৰী : বটদ্ৰৱা প্রাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰৌমাৰী মৈৰাধ্বজ আদৰ্শ জাতীয় বিদ্যালয়ৰ,দশম শ্ৰেণীৰ বিদায়ী সভা আজি দিনযোৰা কার্যসূচীৰে অনুষ্ঠিত হৈ যায় । বিদায়ী সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আবুল হাসেন মির্দাই । উক্ত সভাত ৰৌমাৰি মৈৰাধ্বজ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মজিবুৰ ৰহমান,বালিজান সমল কেন্দ্ৰৰ সমন্বয়ক মোজাম্মিল হুছেইন আৰু আবুল কাছেমে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি মূল্যৱান ভাষণ প্ৰধান কৰাৰ লগতে ভাল ফলাফলেৰে বিদ্যালয়লৈ সু-নাম কঢ়িয়াই আনিবলৈ যাতে সক্ষম হয় তাৰে আশা প্ৰকাশ কৰে । উক্ত সভাতেই কটহগুৰি সমল কেন্দ্ৰৰ সমন্বয়ক আবুল হুছেইন , ৰৌমাৰী মুক্তাৱৰ প্ৰধান শিক্ষক হেদায়ত উল্লাহ, কবি বাহাৰুল ইছলাম , শিক্ষক আব্দুল জলিল,সাংবাদিক আবুল হুছেইন নজৰুল ইছলাম,ৰৌমাৰী হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল ৰেজাকৰ লগতে বহুতো গন্য মান্য ব্যক্তি উপস্থিত আছিল ।