হোজাইত উৎকোচ লোৱাৰ অভিযোগত আধাৰ কেন্দ্ৰত নিয়োজিত কৰ্মচাৰীক নিলম্বন

288

হোজাই: চৰকাৰী আচনিসমুহৰ লাভ পাবলৈ হলে আধাৰ কাৰ্ড বাধ্যতামুলক কৰা হৈছে আৰু ইয়াৰে সুবিধা লৈ অসাধু কিছুমান মানুহে আধাৰ কাৰ্ডৰ নামত সাধাৰণ জনতাক শোষণ কৰি আহিছে ৷ পৰ্য্যাপ্ত সংখ্যক আধাৰ কেন্দ্ৰ নথকাৰ সুবাদতে আৰু আধাৰ কাৰ্ড বিভিন্ন আচনিত বাধ্যতামুলক কৰাৰ বাবে জনসাধাৰণে 500ৰ পৰা 600 টকা দি আধাৰ কাৰ্ড বনাবলৈ বাধ্য হৈছে ৷ বিভিন্ন আধাৰ কেন্দ্সসমুহত মুকলিকৈ টকা লোৱাৰ দৃশ্য দেখিলে কোনোৱে অনুমান কৰিব নোৱাৰিব যে আধাৰ কাৰ্ড বিনামূলিয়াকৈ বনাবলৈ চৰকাৰে নিৰ্দেশ দিছে ৷ শেহতীয়াকৈ হোজাই জিলাৰ আমবাৰী আধাৰ কেন্দ্ৰত তত্বাৱধায়ক হিচাপে নিয়োজিত আমবাৰী হাইস্কুলৰ কনিষ্ঠ সহায়ক মাইজুল হক মজুমদাৰৰ বিৰুদ্ধে আধাৰ কাৰ্ড বনোৱাৰ নামত উৎকোচ লোৱা দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত হোজাই জিলা উপায়ুক্ত ডাঃ ছাদনেক সিঙে তৎকালীন ভাবে ডবকা ৰাজহ চক্ৰ বিষয়াক এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে।

বুধবাৰে ডবকা ৰাজহ চক্ৰ বিষয়াৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত আৰু দুৰ্নীতি পৰায়নতাৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তই কৰ্মচাৰী সেৱা বিধি ১৯৬৪ (সংশোধিত হিচাপে) তৎকাল বলবৎ হোৱাকৈ মাইজুল হক মজুমদাৰক চাকৰিৰ পৰা নিলম্বন কৰিছে। লগতে আধাৰ কেন্দ্ৰত নিয়োজিত হৈ থকা কম্পিউটাৰ অপাৰেটৰজনকো নিয়োগ কৰা সংশ্লিষ্ট কৰ্তৃপক্ষই কেন্দ্ৰটোৰ পৰা বৰ্খাস্ত কৰে।

হোজাই জিলা উপায়ুক্তই এই ক্ষেত্ৰত চক্ৰ বিষয়া সকলক আধাৰ কাৰ্ড প্ৰস্তুতকৰণ কেন্দ্ৰ সমূহৰ কাম-কাজৰ উপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰোপৰি আধাৰ কেন্দ্ৰ সমূহত নিয়োজিত সকলো কৰ্মচাৰীক প্ৰতি ১৫ দিনৰ মূৰে মূৰে ৰদবদল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। লগতে অতিৰিক্ত উপায়ুক্ত আৰু সহকাৰী আয়ুক্ত সকলক জিলাখনৰ আধাৰ কেন্দ্ৰ সমূহত নিয়মিতভাৱে পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে।

উপায়ুক্তৰ আৰু চক্ৰ বিষয়াৰ এই পদক্ষেপক সচেতন মহলে আদৰণি জনাইছে ৷ উল্লেখযোগ্য যে ইয়াৰ পুৰ্বে হোজাইৰ বৰহাওৰ আধাৰ কেন্দ্ৰতো টকা লোৱাৰ দৃশ্য কেমেৰাত আৱদ্ধ কৰি তেতিয়াৰ উপায়ুক্তক অভিযোগ দিয়া হৈছিল৷ ইয়াৰ পিছত ৰহস্যজনক কাৰণত আধাৰ কেন্দ্ৰখন বন্ধ কৰি দিয়া হৈছিল আৰু বৰহাওৰ অঞ্চলৰ ৰাইজে দুৰ দুৰণিৰ বেলেগ আধাৰ কেন্দ্ৰত গৈ আধাৰ কাৰ্ড বনাবলৈ বাধ্য হৈছিল৷

Total Page Visits: 11 - Today Page Visits: 1