ৰাজ্যত পুনৰ সংগঠিত হৈছে এক অমানৱীয় গঠনা।
নাগালেণ্ডৰ উদণ্ড যুৱকৰ আক্রমণৰ বলি হল অসমীয়া যুৱক। এইবাৰ কাৰ্বি আংলং জিলাৰ কটকটী অঞ্চলৰ বাসিন্দা আকাশ আলীৰ ওপৰত নিৰ্মম ভাৱে অত্যাচাৰ কৰিলে নাগালেণ্ডৰ আৰক্ষী আৰু কিছুমান নগা যুৱকে। আকাশ আলীক ষড়যন্ত্র বাবে ডিমাপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। যদিও উক্ত গোচৰত জামিন লাভ কৰাৰ পিছত পুনৰ উখা আৰক্ষীয়ে অসম আৰক্ষীক খবৰ নিদিয়া কৈ অসমত প্ৰৱেশ কৰি আকাশ অলীক গ্ৰেপ্তাৰ কৰি পুনৰ বাৰ জেললৈ প্ৰেৰণ কৰে৷ উক্ত গোচৰৰ জামিন মঞ্জুৰৰ ভাৱে এজন স্থানীয় লোকে জামিন আবেদন আদালতত দাখিল কৰাৰ সময়ত ১০ জনীয়া এটা নগা দুৰ্বিত্তৰ দলে জামিনদাৰক আক্ৰমণ কৰাৰ চেষ্টা কৰে৷ যদিও লোক জনে কোনোমতে পলাই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।তাৰ কেইদিন মান পিছত পুনৰ ৫ জনীয়া এটা নগা দুৰ্বিত্তৰ দল জেলৰ ভিতৰত প্ৰৱেশ কৰি আকাশ আলীক ৩০,লাখ টকা দাবী কৰে। টকা নিদিলে জেলৰ ভিতৰত মাৰি পেলোৱাৰ ভাবুকি প্ৰদান কৰে আকাশ অলীক৷ আক্কাছ আলী উপায়ন্তৰ হৈ নিজ পিতৃক সকলো কথা অৱগত কৰে৷ অৱশেষত আকাশ আলীৰ পিতৃয়ে গুৱাহাটী উচ্চ ন্যায়লয়ৰ এজন অধিবক্তাৰ লগ ধৰি আকাশ আলীক জামিন মঞ্জুৰ কৰি ঘৰলৈ আনিবলৈ সক্ষম হয়। কিন্তু এই খিনিতে এটা প্ৰশ্ন উত্থাপন হয় যে কাৰ চত্ৰচায়াত নগা যুৱক সকল জেলৰ ভিতৰত প্ৰৱেশ কৰি এনেকুৱা গঠনা সংগঠিত কৰিবলৈ সাহস পালে? নিশ্চয়কৈ ইয়াত ডিমাপুৰ আৰক্ষীৰ মিতিৰালি থকাটো সন্দেহৰ আৱৰ্তত।
অসমীয়া যুৱকৰ ওপৰত নগাৰ আক্রমণ।
Total Page Visits: 10 - Today Page Visits: 1