চিৰাঙৰ ঢালিগাঁৱত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এজনক আটক

322

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত সোমবাৰে সন্ধিয়াৰ ভাগত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ্ সহ এজন ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰে ।

Inside News Post
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, এক নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ঢালিগাঁৱৰ বৰতালোৱা জামে মছজিদৰ সমীপত সন্দেহ জনক অবস্থাত হাইদৰ আলী নামৰ এজন যুৱকক আটক কৰি তালাচী চলোৱাত যুৱক জনৰ পৰা ২০টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ উদ্ধাৰ কৰে লগতে নগদ ১৩০৩০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে ।

Total Page Visits: 14 - Today Page Visits: 2