হোজাই জিলাৰ পশ্চিম মৌডংগা গাওঁত উদ্ধাৰ গছত ওলমি থকা যুৱকৰ মৃতদেহ। দেৱস্তান আৰক্ষীৰ সন্দেহজনক ভুমিকা।

46

আফতাৰ চৌধুৰী, ৬ এপ্ৰিলঃ হোজাই জিলাত অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। মোৰাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মৌডংগা গাওঁত উদ্ধাৰ হৈছে এটা মৃতদেহ। ৰহিম উদ্দিনৰ পুখুৰী পাৰৰ এটা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। দেৱস্তান আৰক্ষী চকীত জনোৱা হৈছে আৰু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ৰাইজে জনোৱামতে মানুজন যোৱাৰাতি দেৱস্তান আৰক্ষী চকীত আৰক্ষীৰ জিম্মাত আছিল। বৰবালি গাওঁৰ ৰাইজে মানুহজনক সন্দেহৰ ভিত্তিত ধৰি আৰক্ষীক গতাই দিছিল আৰু ৰাতি বাৰমান বজালৈকে আৰক্ষীৰ জিম্মাত থকা মানুহজনৰ মৃদদেহ পুৱা ছবজাত থানাৰ পৰা পাঁচ কিঃমিঃ দুৰৰ ভিতৰুৱা গাওঁ পশ্চিম মৌডংগাত উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰমতে মানুহজনৰ ঘৰ ডবকাৰ চাংমাজিত আৰু নাম হল আব্দুচ শ্বহীদ। এই সম্পৰ্কে দেৱস্তান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধনেশ্বৰ দাসক প্ৰশ্ন কৰাত তেখেতে কয় যে মৃতকৰ ওপৰত আদালতত গোচৰ চলি আছে আৰু এয়া আত্মহত্যাৰ ঘটনা। কিন্তু স্থানীয় ৰাইজে সহজভাৱে লৱ পৰা নাই আৰক্ষীৰ এই ভাষ্য। ইতিমধ্যে ৰাইজে দেৱস্তান আৰক্ষীৰ বিৰুদ্ধে ধৰ্ণা দিয়ে আৰু আইন শৃংখলা ৰক্ষাত বিফল হোৱা বুলি ভাৰপ্ৰাপ্ত বিষয়াজনক দেৱস্তানৰ পৰা ট্ৰেন্সফাৰ বিচাৰে।