হোজাই জিলাৰ ডবকা বৰহাওঁৰ সংযোগী ৰাস্তা মেৰামতিৰ ছমাহৰ ভিতৰতে ধ্বংস

211

আফতাৰ চৌধুৰী, ষ্টাফ ৰিপৰ্টাৰঃ হোজাই জিলাৰ বৰহাওঁৰ ডবকা সংযোগী গড়কাপ্তানী ৰাস্তাটো মেৰামতিৰ মাত্ৰ ছমাহৰ ভিতৰতে ধ্বংস হৈ চলাচলৰ অনুপযোগী হৈ পৰিছে৷ 2006 চনত নিৰ্মাণ হোৱা ৰাস্তাটো 2016 চনত মেৰামতি কৰা হৈছিল যদিও 2018 চনত ৰাস্তাটোৰ চিনচাব নাইকিয়া হৈ গৈছিল৷ 2019-2020 চনত আকৌ মেৰামতি কৰা হৈছিল যদিও মাত্ৰ ছমাহৰ ভিতৰতে ৰাস্তাটো ধ্বংস হৈ যায়৷

ঠায়ে ঠায়ে প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাত ৰাস্তাটোৰে চলাচল কৰা ৰাইজে ভীষণ অসুবিধাৰ সন্মূখীন হৈছে৷ কাৰ্বি আংলং জিলাৰ সীমাৰ ৰাস্তাটোৰে দৈনিক হাজাৰোধিক বাহন চলাচল কৰে৷ অতিৰিক্ত বোজা কঢ়িওৱা গধুৰ বাহনসমূৰ ওপৰিও দৈনিক অতিৰিক্ত বালি ভৰ্তি শতাধিক ট্ৰাক, ডাম্পাৰ চলাচল কৰে ৰাস্তাটোৰে৷ যমুনা নদীৰ সমান্তৰালকৈ থকা ৰাস্তাটোৰে যমুনা নৈৰ বালি সৰবৰাহ হৈ থাকে৷ অভিযোগমতে ৰাস্তা মেৰামতিৰ কাম অতি নিম্মমানৰ হোৱাৰ ওপৰিও চাইড বাম দিয়া হোৱা নাই, যাৰ ফলত ৰাস্তাটো অতি অতি সোনকালে ধ্বংস হৈছে৷ ৰাস্তাটোৰ এই দুৰৱস্তাৰ বিষয়ে সংবাদ মাধ্যমত বাৰে বাৰে প্ৰকাশ হৈ আহিছে যদিও প্ৰশাসন নিমাত এই বিষয়ে৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়তো এই বিষয়ে কেইবাবৰো অভিযোগ দিছে স্তানীয় সচেতন ৰাইজে৷

ৰাস্তা ধ্বংস হোৱাৰ কাৰণ যিয়েই নহওক কিয়, ৰাস্তাৰ কাৰণে দুৰ্ভোগত ভুগিে স্তানীয় সাধাৰণ ৰাইজে৷ বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আদিত যাবলৈ কষ্টৰ সন্মূখীন হৈছে ছাত্ৰ-ছাত্ৰী, ৰোগী৷ যাৰফলত সমগ্ৰ অঞ্চলটো পিছপৰি আছে৷
গধুৰ বাহনসমূহ সহ্য কৰিব পৰা শক্তিশালী ৰাস্তা নিৰ্মাণৰ দাবী জনাইছে স্তানীয় ৰাইজে৷

Total Page Visits: 7 - Today Page Visits: 2