ডিজিটেল সংবাদ, কাজিৰঙাঃ শাসকীয় দলৰ একাংশ নেতা-পালিনেতাৰ সহযোগত একাংশ চৰকাৰী চোৰে অৰুণোদয় আঁচনিৰ নামত ভয়াবহ দুৰ্নীতি সংঘটিত কৰাৰ প্ৰতিবাদত সোমবাৰে কাজিৰঙাৰ কুঠৰী গাঁও পঞ্চায়ত ঘেৰাও কৰে অঞ্চলটোৰ ৰাইজে৷ গাঁও সভাত বাচনিভুক্ত প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি ‘অযোগ্য’ লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবেই আজি ৰাইজে প্ৰতিবাদ কৰি পঞ্চায়তখনৰ কাম-কাজ একপ্ৰকাৰ অচল কৰি দিয়ে৷
একাংশ ৰাইজে কৰা অভিযোগ অনুসৰি, কুঠৰী গাঁও পঞ্চায়তত গাঁও সভা অনুষ্ঠিত কৰি কিছুদিনৰ পূৰ্বে অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাচনি কৰা হৈছিল৷ সেইমতে, কংগ্ৰেছৰ অধীনত থকা পঞ্চায়তৰ সভাপতি, ৱাৰ্ড সদস্যৰ লগতে স্থানীয় অগপ আৰু বিজেপিৰ নেতাৰ উপস্থিতিত তৈয়াৰ কৰা চেকলিষ্ট পঞ্চায়তৰ সচিব ভবেন বৰাক প্ৰদান কৰা হয়৷ সেইমতে, পঞ্চায়ত সচিব ভবেন বৰাই কলিয়াবৰৰ খণ্ড উন্নয়ন বিষয়াক চেকলিষ্ট প্ৰদান কৰে৷
Inside News Post
আশ্চৰ্যজনকভাৱে উক্ত চেকলিষ্টত থকা বহু লোকৰ নাম কৰ্তন কৰি পঞ্চায়তখনৰ আন কিছু সংখ্যক লোকৰ নাম অন্তৰ্ভুক্ত কৰি পঞ্চায়তলৈ তালিকা প্ৰেৰণ কৰা হৈছে৷ একাংশ ৰাইজে স্পষ্টকৈ কয় যে- নজান গাঁৱৰ মঞ্জিলা বেগম, হাৰমতীৰ ফিৰোজা খাতুন, হাৰমতীৰ ছাহেৰা খাতুন (তিনিও দিব্যাংগ), হাৰমতীৰ আমেনা খাতুন, মাচুদা খাতুন, বাঘমাৰী অঞ্চলৰ ছাফিয়া খাতুন (কেউগৰাকী বিধৱা) আদিকে ধৰি প্ৰায় ৩০০ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে৷