আফতাৰ চৌধুৰী, ষ্টাফ ৰিপৰ্টাৰঃ হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত যমুনাগাওত নাৰীদেহ ব্যৱসায়ীৰ কবলৰ পৰা ১১ গৰাকী কিশোৰী উদ্ধাৰ হোৱাৰ ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হোজাই জিলাৰ উপ আৰক্ষী দিপ্তী মালিৰ নেতৃত্বত মোৰাজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কবিৰ সিং লিম্বু আৰু দেৱস্তান আৰক্ষী চকীৰ বিষয়া ধনেশ্বৰ দাসে অভিযান চলাই নাৰীদেহ ব্যৱসায়ীৰ কবলৰ পৰা এই সকল কিশোৰী আৰু যুবতীক উদ্ধাৰ কৰে। বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ যোজা চলাওতে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত তৎকালীনভাৱে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তিনিচুকীয়াৰ পৰা এইসকল কিশোৰী আৰু যুবতীক আনি যমুগাওত ৰখা হৈছিল।
নাৰী সৰবৰাহকাৰী চক্ৰৰ চাৰিজন নাৰী আৰু এজন যুবকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আন্তৰ্জাতিক নাৰীদেহ ব্যৱসায়ীৰ লগত এই চক্ৰৰ যোগাযোগৰ সন্দেহ কৰা হৈছে।
হোজাই আৰক্ষীৰ এই পদক্ষেপৰ প্ৰসংশা কৰিছে স্থানীয় ৰাইজে। উপ আৰক্ষী অধীক্ষকে জনোৱামতে এনেকুৱা সৰু সৰু ছোৱালীৰ বহুতো খেলিমেলি চলি আছে হোজাই জিলাত আৰু এইবোৰ চক্ৰক উৎসাত কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে।