কিডনী দান কৰা দৰিদ্ৰ লোকক প্ৰবঞ্চনাৰ অভিযোগ এ পি চি ডি এলৰ উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে , মুখ্যমন্ত্ৰী-শক্তিমন্ত্ৰীৰ আৰু জিলা উপায়ুক্তক অভিযোগ

396

কিডনী দান কৰা দৰিদ্ৰ লোকক প্ৰবঞ্চনাৰ অভিযোগ এ পি চি ডি এলৰ উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে , মুখ্যমন্ত্ৰী-শক্তিমন্ত্ৰীৰ আৰু জিলা উপায়ুক্তক অভিযোগ

দুৰ্নীতিৰ দৰ্পণ সেৱা , নগাঁও , ৯ নবেম্বৰঃ দৰিদ্ৰতাৰ বাবে অসমৰ একাংশ লোকে নিজ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ কিডনী বিক্ৰী কৰাৰ ঘটনাই চাৰি মাহৰ পূৰ্বে সমগ্র ৰাজ্য জুৰি জোকাৰণীৰ সৃষ্টি কৰিছিল । কিডনী বিক্ৰীক লৈ গঢ়ি উঠা দালালৰ কাণ্ডই সকলোৰে চকু থৰ কৰিছিল।শেহতীয়াকৈ পোহৰলৈ আহিছে কিডনী লৈ নগাঁৱৰ এজন দৰিদ্ৰ লোকক প্ৰবঞ্চনা কৰাৰ ঘটনা । ইতিমধ্যে ভুক্তভোগী এজন লোকে জিলা উপায়ুক্তক এই সম্পৰ্কত এক অভিযোগ পত্ৰ প্ৰদান কৰিছে । ভুক্তভোগী লোকজনে মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰীলৈও একে বিষয়তে পত্ৰ প্ৰেৰণ কৰিছে । আজি ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে । নগাঁও চহৰৰ ডিফলুৰ ভুক্তভোগী হীৰুমণি শইকীয়াই কয় , যোৱা ২৬ অক্টোবৰত নগাঁও জিলা উপায়ুক্তক অভিযোগ পত্ৰ দাখিল কৰিছে । তেেওঁ লগতে কয়, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মানৱ সম্পদ শাখাৰ এগৰাকী উচ্চপদস্থ মহিলা বিষয়াই বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত তেওঁৰ অধ্যাপক স্বামীৰ বাবে লোকজনৰ পৰা বৃক্ক লৈছিল । বৃক্ক দানৰ বিনিময়ত লোকজনক চাকৰি দিয়াকে ধৰি অন্য প্ৰলোভন দিছিল । কিন্তু পৰৱৰ্তী সময়ত হিৰুমণি শইকীয়াৰ লগত তেওঁলোকে যোগাযোগ নকৰাৰ অভিযোগ উঠিছে । তেঁও কয় যে , আৰ্থিক দুৰাৱস্থাৰ বাবে তেওঁ নিজৰ শৰীৰৰ অংগ বিক্ৰী কৰিবলগীয়া হৈছিল ।বাস্তৱিকতে নিম্নবৰ্গৰ এটা চাকৰি লাভৰ আশাতে তেওঁ নিজৰ বৃক্ক বিক্ৰী কৰা বুলি সংবাদ মাধ্যমক কয় । লোকজনে কয় যে-তেওঁক গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল আৰু তাতে তেওঁ বৃক্ক দান কৰিছিল । অৱশ্যে চিকিৎসালয়খনৰ তথ্যত লোকজনে স্বেচ্ছামূলকভাবে বৃক্ক দান কৰা বুলি উল্লেখ আছে । দীৰ্ঘদিন ধৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উচ্চপদস্থ মহিলা বিষয়া গৰাকীৰ পৰা বৃক্ক দানৰ নামত প্ৰাপ্য লাভ কৰাৰ আশাত অপেক্ষা কৰি বৃক্ক দানৰ প্ৰায় আঠ মাহৰ পিচত লোকজনে জিলা উপায়ুক্তক তেওঁক অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শীৰ্ষ বিষয়া গৰাকীয়ে স্বামীৰ বাবে প্ৰলোভন দি বৃক্ক গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে । ইপিনে,অভিযোগ মতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মানৱ সম্পদ দপ্তৰৰ উচ্চপদস্থ বিষয়া গৰাকীয়ে তেওঁৰ স্বামীয়ে অধ্যাপকৰ চাকৰি কৰি থকাৰ পিচতো তেওঁৰ চিকিৎসাজনিত খৰচ প্ৰদানৰ সমিতিখনৰ বিশেষ দায়িত্বত থকাৰ সুবাদত ক্ষমতাৰ অপপ্ৰয়োগ কৰি স্বামীৰ চিকিৎসাৰ বিপৰীতে চৰকাৰীভাবে পাবলগীয়া চিকিৎসাজনিত খৰচ (Re imburimbursement) প্ৰায় ৬ লাখ ৭৭ হাজাৰ টকা তেওঁৰ নিজৰ নামতে লাভ কৰাৰ ব্যৱস্থা কৰি লয় । তৎসত্বেও অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শীৰ্ষ কৰ্তৃপক্ষই বিষয়াগৰাকীৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । অন্য এটা বিভাগলৈ উচ্চপদস্থ মহিলা বিষয়া গৰাকীক বদলি কৰিয়েই দায় সাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শীৰ্ষ কৰ্তৃপক্ষই । শেহতীয়াকৈ বৃক্ক দান কৰা ভুক্তভোগী হিৰুমণি শইকীয়াই অসমৰ মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ লগতে জিলা উপায়ুক্তক এই বিহিত ব্যৱস্থা প্ৰদানৰ আহ্বান জনাই তেওঁক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ আহ্বান জনাইছে ।