গৌৰীপুৰৰ পৰ্বতঝোৰাত মহামায়াত নিচাজাতীয় টেবলেট সহ এজনক আটক

101

গৌৰীপুৰৰ পৰ্বতঝোৰাত মহামায়াত নিচাজাতীয় টেবলেট সহ এজনক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , গৌৰীপুৰৰ পৰা নুৰ ইছলাম সেখ , ২৭ আগষ্টঃ বি টি আৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অতি নিলগতে মহামায়াত এটা কাপোৰ কঢ়িওৱা মোনাৰ ভিতৰত নিচা জাতীয় টেবলেট সহ এজনক আটক কৰাৰ বাতৰি পোৱা গৈছে।উল্লেখ্য যে , AS17A4517 নম্বৰৰ বাইক আৰোহী ৰফিক প্ৰামাণিক (৩৩) বছৰীয়া যুৱক জনে গৌৰীপুৰৰ পৰা আহি থকা অৱস্থাত আনুমানিক দূপৰীয়া ১২-৩০ টা মান বজাত মহামায়া মুখাৰ্জী হোটেলৰ সন্মুখত ৰখি চাহ খাবলৈ সোমাই যায় । ইপিনে , এক গোপন খবৰৰ ভিত্তিত বগৰীবাৰী আৰক্ষীয়ে বাইক সহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয় । যুৱকজন গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অলমগঞ্জ গাগেৰ আলগা ১ ম গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে । বৰ্তমান যুৱকজন বগৰীবাৰী আৰক্ষীয়ে ১২১/২১ নং গোচৰ ৰুজু কৰি সোধপোচ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।