চুলাইৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক প্ৰহাৰ একাংশ লোকৰ

88

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৩১ জুলাইঃ গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দৈয়াং চাহ বাগিচাৰ টাঙুন হোলাত অবৈধ চুলাই মদৰ ঘাটি ভাঙিব যোৱা আৰক্ষীৰ দলক স্থানীয় ৰাইজে খেদি পঠিওৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক একাংশ মহিলাই মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজৰ আক্ৰমণত আৰক্ষীৰ দলটোৱে কথমপি প্ৰাণ ৰক্ষা কৰি ঘটনাস্থলৰ পৰা পলায়ন কৰে । ইয়াৰ পিছতেই অঞ্চলটোৰ মনোজ পানীকা নামৰ এজন লোকৰ মোবাইল কাঢ়ি অনা বুলি অভিযোগ তুলি জামুগুৰি আৰক্ষী থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে । প্ৰতিবাদকাৰী সকলে জামুগুৰি আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শীঘ্ৰে বদলি কৰিবলৈ দাবী জনায় । ইয়াৰ পাছত ঘটনাস্থলীত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ লগতে আন আন উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।