টোলটেক্সৰ নামত কি চলিছে এইবোৰ ? বিহাৰত নোযোৱাকৈ টোলকৰ কাটি নিলে মোৰাঝাৰৰ বাহনৰ

120

টোলটেক্সৰ নামত কি চলিছে এইবোৰ ? বিহাৰত নোযোৱাকৈ টোলকৰ কাটি নিলে মোৰাঝাৰৰ বাহনৰ

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ৯ আগষ্টঃ টোল কৰৰ নামত এইবোৰ কি চলিছে ? হোজাইৰ মোৰাঝাৰৰ এজন লোকৰ গাড়ীৰ ফাষ্টটেগ একাউন্টৰ পৰা টোল কাটি নিলে বিহাৰৰ এখন টোলপ্লাজাই ৷ বাতৰি অনুসৰি , হোজাই জিলাৰ মোৰাঝাৰৰ সমীৰ মজুমদাৰ নামৰ লোক এজন এজনৰ নামত আছে AS 01 EH 0212 নম্বৰৰ এখন মাৰুতী অল্ট বাহন ৷ কভিড পৰিস্থিতিৰ সমানে আন্তঃজিলা বন্ধ হোৱাৰ বাবে লোকজনে নিজৰ গাড়ীখন ঘৰৰ গেৰেজত ৰাখি থৈছে ৷ তাৰ মাজতে যোৱা ২৮ জুলাইত তেওঁৰ মোবাইলত আহিল টোলগেটৰ পৰা ৫০ টকা কাটি নিয়াৰ এটা বাৰ্তা ৷ তেওঁ এই বাৰ্তাটো পাই আচৰিত হৈ দেখে যে তেওঁৰ বাহনৰ ফাষ্টটেগ একাউন্টৰ পৰা অসমৰে নহয় , বিহাৰৰ খাৰিফ নামৰ ঠাইত থকা টোলগেটৰ পৰা এই ধন কাটি নিছে ৷ গাড়ীখনৰ গৰাকী সমীৰ মজুমদাৰে সাংবাদিকক জানিবলৈ দিয়া মতে , বিগত দুমাহত তেওঁৰ বাহনখন ৰাজ্যৰ বাহিৰলৈ হোৱা দূৰৰ কথা , জিলাৰ বাহিৰতো যোৱা নাই ৷ তেনেস্থলত বিহাৰৰ টোলগেটৰ পৰা কেনেকৈ কাটি নিলে ধন ? এই ধন কাটি নিয়াৰ আঁৰত কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে নেকি ? এই ঘটনাই চিন্তিত কৰি তুলিছে সমীৰ মজুমদাৰৰ লগতে অন্য বাহনৰ গৰাকীকো ৷ এতিয়া প্ৰশ্ন হয় , টোলপ্লাজা পাৰ হবলৈ চৰকাৰে দিয়া ফাষ্টটেগ একাউন্টবোৰ গ্ৰাহকৰ বাবে সুৰক্ষিত নহয়নে ? কোনে গোপনে টোলপ্লাজাৰ নামত চলাইছে এই ছিণ্ডিকেটৰাজ ? সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে ৷ এই বিষয়ৰ এক উচ্চস্তৰীয় তদন্তৰ প্ৰয়োজন ৷