ডবকাৰ যমুনাগাঁওত এগৰাকী মহিলাক দলবদ্ধ আক্ৰমণ, আক্ৰমণৰ দৃশ্য চছিয়েল মেডিয়াত ভাইৰেল

171

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ০৫ আগষ্টঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পূৱ যমুনাগাৱত সংগঠিত হৈছে এই মৰ্মান্তিক ঘটনা ৷ এদল মহিলাই দলবদ্ধ ভাৱে বৰ বৰ আক্ৰমণ এগৰাকী মহিলাক ৷ ঘটনা সংগঠিত হোৱাৰ পিছত চছিয়েল মেডিয়াত সমগ্ৰ দৃশ্য ভাইৰেল হোৱাৰ পিছত  সমগ্ৰ হোজাই জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ আক্ৰমণত গুৰতৰ ভাৱে আঘাত প্ৰাপ্ত হয় মহিলা গৰাকী ৷ আক্ৰমণত আঘাত প্ৰাপ্ত মহিলা গৰাকীৰ বলি ঘৰ নগাঁওৰ জুৰিয়াত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে , ডবকাৰ যমুনাগাঁওৰ আব্দুৰ ৰব নামৰ যুৱক এজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলা গৰাকীৰ ৷ প্ৰায় দুই বছৰ ধৰি আছিল এই সম্পৰ্ক । অৱশেষত ল’ৰা জনে প্ৰেমত প্ৰতাৰণা কৰি কৰ্মসূত্ৰে গুছি যায় চৌদি আৰবলৈ ৷ প্ৰায় দুই বছৰকাল চৌদি আৰবত থাকি বৰ্তমান সময়ত নিজ ঘৰত আহে ৷ লৰাজন ঘৰত অহাৰ খবৰ পাই যুৱতী গৰাকীও আহি উপস্থিত হয় যুৱক জনৰ ঘৰত ৷ তাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশেষত ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী আৰু দেৱস্থান আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ লগতে আক্ৰমণকাৰী এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় ৷ বাকী চাৰি ,পাঁচ গৰাকী অভিযুক্ত আৰক্ষী উপস্থিত ঘৰতে আছিল যদিও আৰক্ষীৰ অহাৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অভিযুক্ত আক্ৰমণকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনায় ৷