ডবকা পৌৰ সভাৰ ৰাস্তা নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

95
ডবকা পৌৰ সভাৰ ৰাস্তা নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ
দুৰ্নীতিৰ দৰ্পণ সেৱা , যমুনামুখ , হিলাল চৌধুৰী, ২১ আগষ্টঃ হোজাই জিলাৰ ডবকা পৌৰ সভাৰ অন্তৰ্গত ৮ নং আৰু ৯ নং ৱাৰ্ডৰ এটা ৰাস্তা নিৰ্মাণৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে লগতে উক্ত কামটোত অনিয়ম কৰাৰ অভিযোগ উঠিছে কাৰ্য্যবাহী বিষয়া আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে । এই অভিযোগ স্থানীয় ৰাইজৰ লগতে বিজেপি নেতা নজমুল আলম লস্কৰৰ । অভিযোগ অনুসৰি , ২০১৮/১৯ বৰ্ষত ডবকা পৌৰ সভাৰ অন্তৰ্গত ৮ নং আৰু ৯ নং ৱাৰ্ড সংযোগি ডবকা যমুনামুখ PWD Road puran bazar Jame Moszid To বৈৰাগি দাদা পথৰ ২৫০ মিঃ চি চি ব্লকৰ কামৰ বাবদ আবন্টন হৈছিল মুঠ ১২ লাখ ২১ হেজাৰ টকা । কিন্ত ডবকা পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া ময়নুল হক চৌধুৰী আৰু কনিষ্ঠ  অভিযন্তা আতিকুৰ ৰহমানে মিলি অজ্ঞাত কাৰণত উক্ত ৰাস্তাটোৰ পৰিবৰ্তে বেলেগ এটা ৰাস্তাৰ কাম কৰাৰ জো-যা চলাইছিল যদিও পিছত স্থানীয় ৰাইজে জিলা উপায়ুক্ত আৰু চক্ৰ বিষয়া সহ বিভাগীয় কতৃপক্ষক লিখিত অভিযোগ দিছিল । ৰাইজৰ অভিযোগত তদন্ত ক্ৰমে উক্ত কামটো বন্ধ ৰখা হৈছিল । কিন্ত কণিষ্ঠ অভিযন্তা আতিকুৰ ৰহমানে ৰাইজে যাতায়ত নকৰা এটা পথত গোপনে কাম কৰাবলৈ উঠিপৰি লাগিছে । অনুমোদিত পথৰ পৰিবৰ্তে বেলেগকৈ পথ নিৰ্মাণৰ কৰিব বিচৰা কামটো বন্ধ কৰাবলৈ স্থানীয় ৰাইজে আবেদন জনাই অনুমোদিত পথত নিৰ্ধাৰিত বাবে নিৰ্মাণ কাৰ্য্য কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কতৃপক্ষক দাবি জনোৱাৰ লগতে ডবকা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে ।