ডবকা ৰাজহ চক্ৰ কাৰ্যালয়ৰ ভূ-মাফিয়াৰ বিৰুদ্ধে অগপৰ স্মাৰক পত্ৰ

74

ডবকা ৰাজহ চক্ৰ কাৰ্যালয়ৰ ভূ-মাফিয়াৰ বিৰুদ্ধে অগপৰ স্মাৰক পত্ৰ

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ , হবিবুৰ ৰহমান, ১০ ছেপ্তেম্বৰঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ কাৰ্যালয়ত চলি থকা দালালৰাজ , অৰাজকতা আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে সৰৱ হৈছে হোজাই জিলা অসম গণ পৰিষদ দল ৷ অসম গণ পৰিষদ দলৰ হোজাই জিলা সভাপতি তথা যমুনামুখ সমষ্টিৰ যুৱ নেতা আলহাজ ৰেজাউল কৰিম চৌধুৰীৰ নেতৃত্বত এটি সজাঁতি দলে ডবকা ৰাজহ চক্ৰ বিষয়া দীপ্তি গগৈক স্বাক্ষাৎ কৰি মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ ৰেজাউল কৰিম চৌধুৰীৰ স্মাৰক-পত্ৰ কৰা ঘটনাই সমগ্ৰ হোজাই জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অগপ সভাপতি ৰেজউল কৰিম চৌধুৰীয়ে স্মাৰক-পত্ৰত উল্লেখ কৰা অভিযোগ অনুসৰি হোজাই জিলাৰ প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয়ত মণ্ডল সকলৰ নেতৃত্বত গঢ় লৈ উঠিছে অসংখ্য দালালৰাজ আৰু ভূ-মাফিয়াৰ বৃহৎ চক্ৰ ৷ যাৰ বাবে সাধাৰণ জনতাই মাটি-বাৰীৰ নামজাৰীৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে ৷ ৰেজাউল কৰিম চৌধুৰীৰ অভিযোগ মতে- মণ্ডল সকলক ৰাইজে দালালৰ বাবে লগ কৰিব নোৱাৰে ৷ এজন মণ্ডলৰ লগত তিনি,চাৰিটাকৈ দালাল নিয়োগ কৰি ৰাখিছে মণ্ডল সকলে ৷ চৌধুৰীয়ে কয় যে , মোৰ কামৰ বাবেও দালাল ধৰিব লগীয়া হৈছে ৷ যাৰ বাবে হোজাই জিলাত ভয়ংকৰ ৰূপত ভূ-মাফিয়া আৰু দালালৰ সংখ্যা বৃদ্ধি পাইছে ৷ সাধাৰণ ৰাইজে দালাল অবিহনে কোনো এটা কাম কৰিব নোৱাৰে ৷ ৰাজহ চক্ৰ কাৰ্যালয় সমূহত এটা এটা মণ্ডলৰ নামত সাত-আঠ হাজাৰ টকা উৎকোচ দিব লাগে বুলি আন গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অগপ সভাপতি ৰেজাউল কৰিম চৌধুৰীয়ে ৷ লগতে চক্ৰ বিষয়া দীপ্তি গগৈক স্বাক্ষাৎ কৰি কয় যে- দালাল সকলক চিনাক্ত কৰি গামোচা পিন্ধাই কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিবলৈ ৷ অনাগত সময়ত যদি ডবকা ৰাজহ চক্ৰ কাৰ্যালয়ত দালালৰাজ বন্ধ নহয় , তেন্তে মুখ্যমন্ত্ৰীক স্বাক্ষাৎ কৰি সকলো কথা অৱগত কৰিব বুলি জানিবলৈ ৰেজাউল কৰিম চৌধুৰীয়ে ৷ অগপ সভাপতিৰ স্মাৰক-পত্ৰত উল্লেখ কৰা সকলো বিষয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি চক্ৰ বিষয়া গৰাকীয়ে আশ্বাস প্ৰদান কৰে ৷