ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলিছে দালালৰাজ

131

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ০৫ আগষ্টঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালাল অভিহনে কোনো কাম সম্ভৱ নহয় ৷ এই গুৰুতৰ  অভিযোগ উত্থাপন কৰিছে ডবকা ৰাজহ চক্ৰত কৰ্মৰত তৰনী সন্থাৰ এজন  সদ্যসই ৷ তৰণীৰ অভিযোগ মতে , দালাল চক্ৰৰ নেতৃত্বত চলিছে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ দালাল অবিহনে কাম নকৰে লাট মণ্ডল সকলে । এটা লাট মণ্ডলৰ লগত চাৰি , পাঁচ , জনকৈ দালাল থকাৰ অভিযোগ উত্থাপিত হৈছে । ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ত এনে বিস্ফোৰক অভিযোগ উত্তাপিত হোৱাৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ কেৱল এয়াই নহয় , সাধাৰণ জনতাৰ হাত-ভৰি ভাঙি দিয়াৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্তাপন হৈছে ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ কৰ্মৰত ৰিজুমনি কটকী নামৰ লাট মণ্ডল জনৰ বিৰুদ্ধে ৷ এগৰাকী ৬০ বছৰীয়া  বৃদ্ধাই এই অভিযোগ উত্তাপন কৰিছে লাট মণ্ডলৰ বিৰুদ্ধে । বাতৰি অনুসৰি , পূৰ্বেও এই চৰকাৰী বিষয়াজনৰ নাম বহু কেইটা কেলেংকাৰীত নাম সাঁঙুৰ খাই আছিল বুলি জানিব পৰা গৈছে ৷ পূৰ্বৰ ৰাজহ চক্ৰ বিষয়া অনুশয়া শৰ্মাৰ লগত মিলি ডবকা ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ ভূমি এটা দালাল চক্ৰক গতাই দিয়াৰ অভিযোগ আছিল এই লাট মণ্ডল আৰু চক্ৰ বিষয়া জনীৰ বিৰুদ্ধে । এনেবোৰ বিভিন্ন অভিযোগেৰে অভিযুক্ত হৈ আছে বুলি বিভিন্ন মহলত  চৰ্চা অব্যাহত আছে এই লাট মণ্ডল জনৰ বিৰুদ্ধে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী তৰণী সদস্যই  ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দিয়াৰ লগতে ডবকা থানাতো এই  বিষয়া জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ৷ ইফালে , সমগ্ৰ ঘটনাটো ঘাঁপ দিবলৈ উঠি-পৰি লাগিছে এচাম দুষ্ট-চক্ৰ ৷ ডবকা চক্ৰৰ কাৰ্যালয়ত দালালৰ ধপ-ধপনি বন্ধ কৰিবলৈ ৰজহ চক্ৰ বিষয়াই যথা সময়ত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত সাধাৰণ জনতাৰ  বহু অসুবিধাৰ সন্মুখীন হব বুলি সচেতন মহলে আশংকা প্ৰকাশ কৰিছে ৷