ডিগবৈ আৰক্ষীৰ বৃহৎ সাফল্য , বোজন পৰিমাণৰ নিচাযুক্ত টেবলেটসহ সাতজন লোকক আটক

145

ডিগবৈ আৰক্ষীৰ বৃহৎ সাফল্য , বোজন পৰিমাণৰ নিচাযুক্ত টেবলেটসহ সাতজন লোকক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিগবৈ , ১৮ আগষ্টঃ ৰাজ্যত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি থকাৰ সময়তে ডিগবৈ আৰক্ষী বৃহৎ সাফল্য ৷ গোপন সূত্ৰৰ তথ্য ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাস আৰু ডিগবৈ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিপ জ্যোতি নাথৰ নেতৃত্বত চলা অভিযানত ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীত বোজন পৰিমাণৰ নিচাযুক্ত টেবলেটসহ সাত লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা অনুসৰি , ডিগবৈ দিশৰ পৰা পেঙেৰীৰ অভিমুখে গৈ থকা এ এচ ২৩ জেড ৯৩৪৩ নম্বৰৰ ইক্ ভেন বাহনখনৰ লগতে সাতজন লোকক কৰায়ত্ত কৰে ৷ উল্লেখ্য বিষয় যে , আটকাধীন লোককেইজনৰ পৰা বোজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ধৃত ব্যক্তি কেইজনৰ ওচৰত কেইবাজনো ৰোগীৰ নামত কেইবাজনো ডাক্তৰে লিখা দিয়া দৰবৰ নাম উল্লেখ থকা নথিপত্ৰ পোৱা গৈছে ৷ পেঙেৰীৰ নিবাসী আটকাধীন আটাইকেইজন লোক ক্ৰমে জীৱন মৰাণ(৩৪)সিদ্বাৰ্থ দুহতীয়া(২৬)মাধুৰ্য্য বৰুৱা(৩২)বিমান বৰুৱা(২৭)ৰাজ কৰ্মকাৰ(৩৩)পদুম মৰাণ(৪১)কৰ্ণ কান্ত বৰুৱা(৩৫)৷ আটকাধীন লোককেইজনৰ ওপৰত পোৱা ডাক্তৰে প্ৰদান কৰা সমুহ নথিপত্ৰৰ তদন্ত অব্যাহত ৰখাৰ লগতে আটাইকেইজন লোকক ডিগবৈ আৰক্ষীয়ে জিম্মাত লৈ সোধাপোচা অব্যাহত ৰাখিছে ৷