ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি সৰবৰাহকাৰী গ্ৰেপ্তাৰ লাহৰীঘাটত

165

ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি সৰবৰাহকাৰী গ্ৰেপ্তাৰ লাহৰীঘাটত

দুৰ্নীতিৰ দৰ্পণ সেৱা,লাহৰীঘাট , ১ চেপ্টেম্বৰ : মৰিগাঁও‌‌ ‌জিলাৰ‌‌‍‍‍ লাহৰীঘাটত‌ এতিয়াও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ কাৰ্য । বৰচলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই‌ ড্ৰাগছ সৰবৰাহকাৰীক । ড্ৰাগচ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী । গোপন সূত্ৰৰ পমখেদি ধৃত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম আৰক্ষীয়ে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা মিকিৰভেটা থানাৰ এলেকাধীন আবু ছাহিদ(৩৪)আৰু আজিবুৰ ৰহমান‌(৩৬) বুলি জানিব পৰা গৈছে । ধৃত ড্ৰাগচ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ২৪ গ্ৰাম ড্ৰাগছৰ লগতে সৰবৰাহত ব্যৱহাৰ কৰা এ এছ ০২ এফ ৭৫৩৮ নম্বৰৰ চাৰিচকীয়া বাহন জব্দ কৰে । পিছত আৰক্ষীয়ে গোচৰ নম্বৰ ৫৭৩/২১, u/s-২১ বি ২৯/এন.ডি.পি এছত দুয়োকে জেল হাজতলৈ প্ৰেৰণ কৰে ।